নামতিঃ শিৱসাগৰ জিলাৰ ব্যক্তিগত শিক্ষা খণ্ড আমগুৰি জ্ঞান বিকাশ বিদ্যাপীঠে ২৮ আগষ্টত আমগুৰি সমষ্টিতত বানাক্ৰান্ত ছাত্র-ছাত্রী সকলক শিকণ সামগ্ৰী বিতৰণ কৰে৷

অধ্যক্ষা হিৰণ্য হাজৰিকাৰ উদ্যোগত বহী, কিতাপ, বহী-কাগজ, কলম, কাঠ পেঞ্চিল, ৰবৰ আদি যাৱতীয় সামগ্ৰীসমূহ চাৰিখন বিদ্যালয়ৰ সৰ্বমুঠ ২৫০ গৰাকী ছাত্র-ছাত্রীয়ে লাভ কৰে৷

ৰূপহীমুখ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত এই বিতৰণ কাৰ্যসূচীত জ্ঞান বিকাশ বিদ্যাপীঠৰ প্ৰতি গৰাকী শিক্ষক-শিক্ষয়ত্রীয়েও সহযোগিতা আগবঢ়ায়৷