
নগাঁওঃ নগাঁও জিলাবাসীৰ মানসপটৰ পৰা হেৰাই যাব নোৱাৰা এটি দিন হ’ল ১৮ অক্টোবৰ৷ এই দিনটোতে বহুকেইজন নিৰীহ নগঞা কৃষকৰ বুকুৰ কেঁচা তেজেৰে ৰাঙলী হৈ পৰিছিল গৃহভূমি৷ ব্ৰিটিছ শাসকৰ বিৰুদ্ধে নগঞা কৃষকৰ সংগ্ৰামী ইতিহাসৰ অন্য এক গৌৰবোজ্জ্বল অধ্যায় বুলি যাক সকলোয়ে আজিও স্মৰণ কৰি আহিছে৷ সেইটোয়েই হৈছে 'ফুলগুৰি ধেৱা'৷ যাৰ লগত সাঙুৰ খাই আছে অত্যাচাৰী ইংৰাজৰ অন্যায়-উৎপীড়নৰ বিৰুদ্ধে ঠিয় দি প্ৰাণ আহুতি দিয়া ৫৪ জন ছহিদৰ সকৰুণ কাহিনী৷
স্মৰ্তব্য যে, ১৮৬১ চনৰ ১৮ অক্টোবৰত নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ফুলগুৰিত ব্ৰিটিছ চৰকাৰে শোষণ,দমন আৰু অন্যায়ভাবে সংগ্ৰহ কৰা ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ আত্মবলিদান দিয়া কৃষক ৰাইজৰ বিদ্ৰোহ 'ফুলগুৰি ধেৱা' ৰূপে খ্যাত৷ সেইসময়ত ইংৰাজে আফুখেতি নিষিদ্ধ, চাপৰি মাটিৰ খাজানা অস্বাভাবিক হাৰত বৃদ্ধি, উৎপাদিত সামগ্ৰীৰ ওপৰত জিজিয়া কৰ লগাই অসমবাসী জনতাক কৌশলেৰে দমন কৰি ৰাখিছিল৷ ব্ৰিটিছৰ এনে কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ অসমৰ চুকে-কোণে প্ৰতিবাদৰ তীব্ৰ ঢৌ বিয়পি পৰিছিল৷ ব্ৰিটিছে অন্যায়ভাবে প্ৰয়োগ কৰা এনে কৰ শীঘ্ৰে বাতিল কৰিবৰ বাবে দাবী জনাই অসমৰ আন ঠাইৰ দৰে ফুলগুৰিৰ ৰাইজেও বিদ্ৰোহ ঘোষণা কৰিছিল৷
কিন্তু অসমবাসীৰ দাবীৰ প্ৰতি তিলমানো গুৰুত্ব নিদি ব্ৰিটিছসকলে এই বিদ্ৰোহ দমন কৰাৰ কাৰণে উঠি পৰি লাগে৷ ইয়াৰ অংশ হিচাপে প্ৰতিবাদী ৰাইজৰ বিদ্ৰোহ দমনৰ অৰ্থে তেওঁলোকে ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ আৰু ৯ অক্টোবৰত আন্দোলনকাৰী জনতাৰ ওপৰত অবৰ্ণনীয় নিৰ্যাতন চলায়৷ কিন্তু ব্ৰিটিছৰ এনে নিৰ্যাতনত অলপো ভীতিগ্ৰস্ত নহৈ প্ৰতিবাদী ৰাইজ আগতকৈও অধিক জেদী হৈ উঠে আৰু নানা ধৰণৰ দমন উৎপীড়নেও সেও মনাব নোৱাৰা কৃষক ৰাইজে উক্ত বছৰৰে ১৮ অক্টোবৰত পূৰ্বতকৈও অধিক সংগঠিত আৰু শক্তিশালী ৰূপত প্ৰতিবাদ জনাবৰ কাৰণে আগবাঢ়ি আহে৷
সেইদিনা ফুলগুৰিৰ বৰ আঁহতৰ তলত ফুলগুৰিকে ধৰি কটহগুৰি, বাৰপূজীয়া, কাছমাৰী, হাতীচোং, ডিমৌ, দেওবালি, হাজাগিয়াল, ৰিয়ামুখ, মায়ং, গোভা, মোলানকাটা, ৰামহাং, আটি, চহৰী, ম’ৰাগাঁও, ৰহা, কপিলী, টোপাকুছি, কুমৈ, উত্তৰখোলা, জুপহিতলি, বমৰা আদি অঞ্চলৰ পৰা হাজাৰ হাজাৰ কৃষক ৰাইজ আহি সমবেত হৈ ইংৰাজৰ অন্যায় নীতিৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰে৷ ইফালে, কৃষক ৰাইজৰ এনে বিদ্ৰোহৰ বিষয়ে বুজ ল’বলৈ অহা ইংৰাজ বিষয়া চিংগাৰক তেওঁৰ পাশবিক অত্যাচাৰত অতিষ্ঠ হৈ পৰা ক্ষুভিত ৰাইজে কোবাই কোবাই সেইদিনাই হত্যা কৰে আৰু মৃতদেহটো কলং সুতিত উটুৱাই দিয়ে৷
পিছত এই খবৰ ইংৰাজ কৰ্তৃপক্ষই জানিব পাৰি অনতি পলমে দলে-বলে আহি উক্ত স্থানত উপস্থিত হয় আৰু ৰাইজে পুনৰ পিছদিনা একে স্থানতে সমবেত হৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ সময়তে সশস্ত্ৰ ইংৰাজ বাহিনীয়ে ৰাইজৰ ওপৰত অতৰ্কীতে কোনো কথাৰ অৱতাৰণা নকৰি নিৰ্বিচাৰে গুলীচালনা কৰে৷ বৰ্বৰভাবে চলোৱা এই গুলীচালনাত ৩৯ জন নিৰীহ কৃষকে ঘটনাস্থলীতে কৰুণ মৃত্যুক আকোঁৱালি লয়৷
তদুপৰি ব্ৰিটিছ বাহিনীয়ে ৬৬ জন লোকক আটক কৰি ইয়াৰে ৩২ জনক কলিয়াপানীলৈ প্ৰেৰণ কৰে৷ আনকি ইয়াৰ পিছতো ইংৰাজে ফুলগুৰি অঞ্চলৰ আন ১৫ জন লোকক নৃশংসভাবে হত্যা কৰিছিল৷ এয়াই আছিল গা শিহৰিত কৰি তোলা 'ফুলগুৰি ধেৱা'ৰ অতি নিদাৰুণ তথা জীৱন্ত কাহিনী৷
প্ৰকাশ যে, ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত সংঘটিত হোৱা 'ফুলগুৰি ধেৱা'ই প্ৰথম কৃষক বিদ্ৰোহ বুলি অভিহীত কৰিব পাৰি৷ কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে- সুদীৰ্ঘ ১৫০ টা বৰ্ষ পাৰ হৈ যোৱাৰ পিছতো 'ফুলগুৰি ধেৱা'ই হ’লে ভাৰতৰ ইতিহাসত উপযুক্ত স্থান অধিকাৰ কৰিবলৈ সক্ষম নহ’ল৷ এনে এটি কৃষক বিদ্ৰোহে যি দৰে ভাৰতৰ ইতিহাসত গুৰুত্বপূৰ্ণ স্থান পাব লাগিছিল সেইটো লক্ষণীয়ভাবে আজিও নাপালে৷ তথাপিও ফুলগুৰিবাসী ৰাইজৰ সহযোগত নগাঁও জিলা প্ৰশাসনে প্ৰতি বছৰে ১৮ অক্টোবৰত এই মহান ছহিদসকলক পৰম শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছে৷