ঢেকীয়াজুলিঃ ঢেকীয়াজুলিৰ ঢেকীয়াজুলি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা 'প্ৰতিদিন টাইমছ’ৰ স্থানীয় সাংবাদিক বিমলজ্যোতি নাথক আজি বিদ্যালয়খনৰ একাংশ শিক্ষকে পৰিকল্পিতভাৱে  শাৰিৰীকভাৱে অপদস্থ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত হৈ বিদ্যালয় চৌহদতে সাংবাদিকগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰি, ভিডিঅ’ কেমেৰাটো ভঙাৰ লগতে অকথ্য গালি-গালাজো কৰে৷ 

বিদ্যালয়খনৰ শিক্ষকৰূপী এইসকল গুণ্ডাৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণটো লৈ অাহিবলৈ সমৰ্থ হোৱা সাংবাদিকজনে পিছত ঢেকীয়াজুলি থানাত উপস্থিত হৈ সতীৰ্থ সাংবাদিকসকলক সমস্ত কথা বিৱৰি কোৱাৰ লগতে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে সাংবাদিকগৰাকীৰ এজাহাৰৰ ভিত্তিত বিদ্যালয়খনৰ দুগৰাকী শিক্ষক ৰাতুল বৰা আৰু অজয় সেনক গ্ৰেপ্তাৰ কৰে৷ 

ঘটনা সন্দৰ্ভত জানিব পৰা মতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গিৰিন্দ্ৰ বৰাই আজি পুৱাৰ ভাগত ফোনৰ জৰিয়তে সাংবাদিকগৰাকীৰ লগত বিদ্যালয়খনৰ এটি বাতৰি পূৰ্বতে ভূলকৈ প্ৰকাশ হোৱাৰ সন্দৰ্ভত আলোচনা কৰে৷ সাংবাদিক বিমলজ্যোতিয়ে সেই ভুলৰ স্পষ্টীকৰণ দিয়া হ’ব বুলি কোৱাৰ লগতে বিদ্যালয় চলি থকাৰ মাজতে দুপৰীয়া ১২ বজাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বীৰেন শইকীয়াৰে আলোচনা কৰিবলৈ বিদ্যালয়খনত উপস্থিত হয়৷ 

প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে সাংবাদিকগৰাকীৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা নকৰি বাক-বিতণ্ডাতহে লিপ্ত হয়। তাৰ মাজতে একাংশ উত্তেজিত শিক্ষকে সাংবাদিকগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰি বিদ্যালয়তে আৱদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰে৷ শিক্ষকৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰা সাংবাদিগৰাকীয়ে অভিযোগ কৰা অনুসৰি সম্পূৰ্ণ পৰিকল্পিতভাৱে তেওঁক ছাত্ৰীসকলৰ সন্মুখতেই অপদস্থ কৰে শিক্ষকসকলে৷ 

সাংবাদিকক বিদ্যালয়ৰ ভিতৰত শিক্ষকে আক্ৰমণ কৰাৰ দৰে নজিৰবিহীন এই ঘটনাক ঢেকীয়াজুলি প্ৰেছ ক্লাব, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, শোণিতপুৰ জিলা আপকু, শোণিতপুৰ জিলা সা’বাদিক সন্থা, আছা, আমছু আদি সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষী শিক্ষকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷