বেতবাৰীঃ শিৱসাগৰৰ শিমলুগুৰিৰ এগৰাকী জাতীয় সংগঠনৰ নেতাই সংগঠনৰ পৰা পদত্যাগ কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰূপম শইকীয়াই সংগঠনটোৰ পৰা পদত্যাগ কৰে।

একান্ত ব্যক্তিগত কাৰণত শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক পদৰ লগতে সাধাৰণ সদস্য পদৰ পৰা ৰূপম শইকীয়াই অব্যাহতি লৈছে বুলি জানিব পৰা গৈছে৷ সংগঠনৰ শিৱসাগৰ জিলা সমিতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি ৰূপমে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷