
newsnextone.com | গুৱাহাটীঃ উত্তৰ কাছাৰৰ হাজাৰ কোটিৰ কেলেংকাৰীত জড়িত এটা নাম ৰেজাউল হুছেইন খান৷ উত্তৰ কাছাৰৰ সমাজ কল্যান বিভাগৰ উপ-স্চালক পদত অধিষ্ঠিত ৰেজাউল হুছেইন খানক শেহতীয়াকৈ পদৰ পৰা বৰ্খাস্ত কৰিলে ৰাজ্যপাল জগদীশ মুখীয়ে৷
সন্ত্ৰাসবাদৰ সৈতে জড়িত হৈ মৰণাস্ত্ৰ সৰবৰাহ আৰু সমাজ কল্যান বিভাগৰ নামত আৱন্টিত এহেজাৰ কোটি টকা হৰলুকি কৰিছিল আৰ এইচ খান আৰু আন কেইবাগৰাকীও বিষয়া কৰ্মচাৰীয়ে৷ পিছত ২০১৭ চনত তদন্তকাৰী দল এন আই এ দলে এই কেলেংকাৰী পোহৰলৈ আনে।
আনহাতে, ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে কেলেংকাৰিটোৰ অভিযুক্ত ৰেজাউল হুচেইন খানৰ সহ মোহিত হোজাই, জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাই আদি ১৪ জনক এন আই এৰ গোচৰত দোষী সাব্যস্ত কৰে। আদালতে ৰায়দান কৰি ৰেজাউল হুচেইন খান, মোহিত হোজাই, জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাইক ১০-১২ বছৰকৈ কাৰাদণ্ড বিহে।
উল্লেখ্য যে, দুজন অস্ত্ৰ কাৰবাহী মেঘালয়ত এন আই এৰ জালত পৰাৰ পাছতে কেলেংকাৰিটো ফাদিল হয়। ইয়াৰ পূৰ্বে ২০১০তে এন আই এই গ্ৰেপ্তাৰ কৰা ৰেজাউল হুচেইন খানে ৮ বছৰৰো অধিক কাল কাৰাৱাস খাটি শেষত জামিনত মুক্তি লাভ কৰে৷
কিন্তু ইমানৰ পিছতো উত্তৰ কাছাৰৰ সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালকৰ দায়িত্বত থকা অভিযুক্ত আৰ এইচ খানক চাকৰিৰ পৰা নিলম্বন নকৰাত ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছিল৷ অভিযুক্ত গৰাকীক কোনো ৰাজনৈতিক নেতাই ৰক্ষণাবেক্ষণ দি থকাৰো অভিযোগ উত্থাপন কৰিছল একাংশ দল-সংগঠন আৰু সচেতন মহলে৷
অৱশেষত সকলো সন্দেহ দূৰ কৰি ৰাজ্যপাল জগদীশ মুখীয়ে শনিবাৰে সুদীৰ্ঘ ৯ বছৰৰ পিছত অভিযুক্ত আৰ এইচ খানক চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷