newsnextone.com | কাজিৰঙাঃ ৰাজ্যত পুনৰ গঁড় হত্যা৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শুকুৰবাৰে নিশা চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি কাটি নিয়ে খৰ্গ৷ পুনৰ খৰ্গবিহীন গঁড় উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিলডুবী এলেকাত উদ্ধাৰ হয় গঁড়টো৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, গঁড়টোৰ দেহত কেইবাটাও গুলীৰ চিন থকাৰ লগতে চোৰাংচিকাৰীয়ে খৰ্গটো লৈ যায়৷