19
Sep
2017

কাজিৰঙাঃ বানপানীৰ পিছত এইবাৰ খাদ্য সংকট। বানে ধোৱা কাজিৰঙাত অব্যাহত আছে ইটোৰ পিছত সিটো সংকট। এইবাৰ তীব্ৰ খাদ্যৰ সংকটত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পশুকূল।
এফালে চোৰাং চিকাৰীৰ অত্যাচাৰ,আনফালে তাৰ ওপৰত যেন আকৌ প্ৰকৃতিও ৰুষ্ট হৈ পৰিছে উদ্যান খনৰ পশু বোৰৰ ওপৰত। চোৰাং চিকাৰীৰ হাতত প্ৰাণ দিয়াই নহয় বানপানীয়েও কাঢ়ি নিলে বহুতো পশুৰ প্ৰাণ, এইবাৰ আকৌ প্ৰাণ কাঢ়িবলৈ আহিছে খাদ্যৰ নাটনিয়ে।
আজি পুৱা কঁহৰা বনাঞ্চলৰ বৰদলনি বনশিবিৰত খাদ্যৰ নাটনিৰ বাবে যুঁজ দি প্ৰাণ হেৰুৱাব লগা হ'ল এজনী গঁড়ে। শিবিৰতো বনবিভাগে গঁড় জনীৰ বাবে যোগান ধৰিব নোৱাৰিলে খাদ্যৰ।
মৃত্যু হোৱা গঁড়জনীৰ খৰ্গ যাতে কোনো দুস্কৃতিকাৰীৰ হাতত নপৰে, সেয়ে বনবিভাগে পুৱাতেই খৰ্গটো উদ্ধাৰ কৰে।