খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰিলে কাৰ্বি স্বায়ত্ত পৰিষদৰ সদস্য ৰীণা টেৰাংপিয়ে৷ জেৰিকিন্দেংস্থিত বিজেপি কাৰ্যালয়ত উপস্থিত হোৱা মহিলা নেত্ৰীগৰাকীক শতাধিক বিজেপি নেতা কৰ্মীয়ে উষ্ম আদৰণি জনায়৷ তাৰ পাছতে পাহাৰীয়া জেৰিকিন্দেং অঞ্চলটোৰ কেইবাটাও চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়৷

জেৰিকিন্দেংস্থিত ১০ খন বিচনাযুক্ত ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰৱেশ কৰি বিকল এম্বুলেঞ্চ সেৱা, বিশুদ্ধ খোৱা পানী, ৰোগীৰ অক্সিজেন, চিকিৎসক-কৰ্মচাৰীৰ অভাৱ সন্দৰ্ভত চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰীৰে মত-বিনিময় কৰে৷ কেৱল এগৰাকী চিকিৎসকে চিকিৎসা প্ৰদান কৰি অহা কাৰ্য্যত দুখ প্ৰকাশ কৰি শীঘ্ৰে চিকিৎসালয়খনৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে।

ৰাইজ আৰু চৰকাৰী কৰ্মচাৰীৰৰ সহায়-সহযোগ কামনা কৰে টেৰাংপিয়ে৷ স্থানীয় ৰাইজক উদ্দেশ্যে জনগোষ্ঠীয় মহিলা নেত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি নহয়, কামেৰেহে পৰিচয় দিব বুলি কয়৷ চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দায়িত্বৰ পালন কৰাত গাফিলতি নকৰিবলৈও উনুকিয়াই দিয়ে৷

চছেং উন্নয়ন খণ্ড, জেৰিকিন্দেং পশু চিকিৎসালয়, বোৱা কটা, আই চি ডি এছৰ কাৰ্যালয়ত উপস্থিত হয় যদিও জেৰিকিন্দেং পশু চিকিৎসালয়, হস্ত-তাত কাৰ্যালয় , আই চি ডি এছৰ কাৰ্যালয়ত তলা ওলমি থকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে টেৰাংপিয়ে৷ চছেং উন্নয়ন খণ্ড কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰীকে প্ৰতিখন আঁচনিৰ জৰিয়তে সমষ্টিটোৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে৷