কোকৰাঝাৰঃ কোকৰাঝাৰৰ তিতাগুৰিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই আজি ষষ্ঠ দিনত ভৰি দিয়াৰ পিছতো আৰক্ষীয়ে হত্যাকাণ্ডটোৰ কোনো ক্লু বিচাৰি পোৱা নাই ৷ হত্যা কাণ্ডটোৰ তদন্ত কৰিবলৈ এছআই টিয়ে পুংখানুপুংখ ভাৱে তদন্ত চলাই থকাৰ সময়তে কোকৰাঝাৰস্থিত ছালাকাটিৰ বাসগৃহত  বিভিন্ন দল,সংগঠন আৰু ৰাজনীতিক নেতাৰ সোঁত আজিও অব্যাহত আছে।

ইয়াৰ মাজতে আজি ছালাকাটিত থকা প্ৰয়াত ছাত্ৰ নেতা লাফিকুলৰ বাসগৃহত কংগ্ৰেছৰ সঁজাতি দল এটা উপস্থিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত অহা দলটোৱে শোকসন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰি ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে ৷

♦ চিবিআই তদন্তৰ দাবী বিপিএফৰ সংখ্যালঘু কোষৰ
♦ এছআইটিত ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ শংকা কংগ্ৰেছৰ

দলটোক নেতৃত্ব দিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই সাংবাদিকৰ আগত ছাত্ৰ নেতা লাফিকুল হত্যাকাণ্ডক দূৰ্ভাগ্যজনক আখ্যা দি অসম চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এনে জঘন্য ঘটনা সংগঠিত হবলৈ পালে বুলি ক্ষোভ ব্যক্ত কৰে ৷বৰাই কয় যে লাফিকুলৰ হত্যাকাণ্ডৰ দিনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য ভ্ৰমণ কৰিছিল আৰু ৰাজ্যত  নিৰাপত্তা ব্যাৱস্থা কঠোৰ কৰাৰ নিৰ্দেশনা জাৰি কৰা সত্বেও কেনেকৈ এই হত্যাকাণ্ড সংঘটিত  হ'বলৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷

লাফিকুলৰ হত্যাকাণ্ডই প্ৰকৃততে চৰকাৰৰ ব্যৰ্থতাকে উদঙাই দিছে বুলি মন্তব্য কৰি লাফিকুলৰ হত্যাকাণ্ডক কংগ্ৰেছ দলে প্ৰথমৰ পৰাই চিবিআই তদন্তৰ দাবী কৰিছিল বুলি মন্তব্য কৰে ৷ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ পত্ৰ যোগেও অনুৰোধ জনোৱাৰ কথাও বৰাই সদৰী কৰে ৷ 

আনহাতে এছ.আই. টিৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত ৰিপুন বৰাই কয় যে এছ.আই.টি হ'ল প্ৰশাসনিক এক তদন্ত ব্যৱস্থা য'ত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ হ'ব পাৰে ৷ তেনেক্ষেত্ৰত এছ.আই. টিয়ে সম্পূৰ্ণ নিৰপেক্ষ তদন্ত কৰিব নোৱাৰে ৷ লাফিকুল হত্যাকাণ্ডৰ ঘটনা চৰকাৰে জাষ্টিফিকেচন দিলেহে চিবিআই তদন্ত হ'ব। এনে বহু হত্যাকাণ্ড ঘটি থকা সত্বেও চিবিআইয়ে ঘপককৈ নলয়, কিন্তু চৰকাৰৰ সদিচ্ছা থাকিলেহে চিবিআই তদন্ত হ'ব।

তেনেক্ষেত্ৰত ৰাজ্য চৰকাৰে ঘটনাটোৰ তদন্ত কৰিবলৈ এতিয়ালৈ সদিচ্ছাই দেখা নগ'ল বুলিও বৰাই শাসকীয় বিজেপি মিত্ৰজোটৰ চৰকাৰখনক ক্ষুৰাধাৰ সমালোচনা কৰে ৷ ইয়াৰোপৰি কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং ঘটনাত জড়িত বুলি ৰাইজে অভিযোগ কৰাৰ পিছত চৰকাৰে তাৎক্ষণিকভাৱে আৰক্ষী অধীক্ষক গৰাকীক আঁতৰোৱাৰ দায়িত্বত আছিল যদিও চৰকাৰে সেয়া নকৰিলে বুলি আক্ষেপ ব্যক্ত কৰি একমাত্ৰ চিবিআই তদন্ত হলেহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলিও ব্যক্ত কৰিছে ৰিপুন বৰাই ৷

উল্লেখ্য যে আজি কোকৰাঝাৰ ভ্ৰমনৰ সময়ত ৰিপুন বৰাক সংগ দিয়ে কংগ্ৰেছৰ বিধায়ক ক্ৰমে শ্বেৰমান আলি, এ.আৰ. মণ্ডলসহ  কংগ্ৰেছৰ ৯ জনীয়া দল এটাই ৷

আনপিনে লাফিকুলৰ ছালাকাটিস্থ বাসগৃহত উপস্থিত হৈ আজি বিপিএফৰ সংখ্যালঘু কোষৰ সঁজাতি দল এটিয়েও শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ বিপিএফৰ সংখ্যালঘু কোষৰ সঁজাতি দলটোক নেতৃত্ব দিয়া কোষৰ সভাপতি আলাউদ্দিন আলিয়ে বিভিন্ন জাতি-জনগোষ্টীৰ মাজত সমন্বয়ৰ সেতু গঢ়ি তোলা লাফিকুলৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্যৰে দোষীক চিনাক্তকৰণ তথা পৰিয়ালক ন্যায় প্ৰদানৰ স্বাৰ্থত ঘটনাটোৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে।