
তেজপুৰ টাউনঃ ৰাজ্যত এতিয়া ঘৰৰ পৰা মানুহ ওলাই আহিলেই ঘৰ পাব নে নাই তাকেই লৈ চিন্তাৰে পাৰ কৰে পৰিয়ালৰ লোকে৷ কিয়নো নিতৌ ৰাজ্য খনত সংঘটিত হয় ৪-৫টা হত্যাকাণ্ড৷ ব্যক্তিগত শত্ৰুতাই হওঁক নতুবা বিভিন্ন কাৰণতেই হওঁক হত্যাকাণ্ড সংঘটিত হৈ আহিছে৷
তাৰ মাজতে তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা এগৰাকী লোকৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰেশোণিতপুৰৰ বালিপৰাত।একপ্ৰকাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই কপাই গৈছে বালিপৰাক৷
লোকজনক হত্যা কৰি পেলাই থৈ যােৱাৰ সন্দেহ কৰে ৰাইজে৷ জানিব পৰা মতে, বালিপৰাৰ বোকাগাঁৱৰ জয়ন্ত ভূঞা নামৰ লোকজনক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায়৷ বালিপৰাৰ বোকাগাঁও পানী যোগান আঁচনিৰ পানী টেংকীত উদ্ধাৰ হোৱা মৃতদেহত তেজৰ চেকুৰা আৰু মৃতদেহৰ সমীপত তেজ পৰি থকাৰ ফলত আৰক্ষীয়ে লোকজনক হত্যা কৰা বুলি সন্দেহ কৰে৷
যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল জয়ন্ত ভূঞাঁ নামৰ লোকজন। লোকজনে বোকাগাঁও পানী যোগান আঁচনিৰ অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। আনহাতে, বালিপৰাৰ ঘোৰামাৰীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে পুৱাই সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। ট্ৰাক অাৰু টেম্পৰ মুখামুখি সংঘৰ্ষত দুগৰাকী যাত্ৰী নিহত হোৱাৰ লগতে ৫ জনকৈ যাত্ৰী গুৰুতৰ ভাৱে আহত হয়।
নিহত এজন যাত্ৰী মহাৰাষ্ট্ৰৰ নাচিকৰ অমুল তুলছিৰাম কল্পে বুলি জানিব পৰা গৈছে যদিও অানজন লোকক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে। যাত্ৰীকেইজন মহাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানাৰ পৰা বালিপৰাৰ লখৰাৰ অাছাম ৰাইফলচৰ সেনা কেম্পলৈ আহিছিল৷ তেজপুৰৰ পৰা AS-12-AC-8633 নম্বৰৰ টেম্পৰে অাহি থকা অৱস্থাত ঘোৰামাৰীত HR-55-M-4788 নম্বৰৰ ট্ৰাক খনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। অাহত যাত্ৰী কেইজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।