18
Dec
2017

বোকাজানঃ ৰাজ্যৰ ৰাজ পথত মৃত্যুৰ কিৰিলি৷ প্ৰতিদিনে ৰাজ্য খনত দুৰ্ঘটনাত পতিত হৈ মানুহৰ মৃত্যু হৈ আহিছে৷ তাৰ মাজতে সোমাবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজানৰ সমীপত এক পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ থিতাতে মৃত্যু হয়৷
এখন ধান কঢ়িয়াই অনা গাড়ীৰ খুন্দাত মটৰচাইকেল আৰোহীজনে অকাল মৃত্যুক আকোৱালি লবলগীয়া হয়৷ বৰপথাৰৰ ২নং টেঙাহোলা গাঁৱৰ পৰাণ গগৈ বুলি জানিব পৰা গৈছে৷ গোলাঘাট জিলাৰ দক্ষিণ উন্নয়ণ খণ্ডৰ অন্তৰ্গত টেঙাহোলা গাঁও পঞ্চায়তত জিআৰএচ হিচাপে কাম কৰিছিল গগৈয়ে৷
পৰাণে গোলাঘাটৰ শহুৰেকৰ ঘৰৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত পততি হয়৷ দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখনে পলায়ণ কৰে বুলি জানিব পৰা গৈছে৷ পৰাণৰ অকাল মৃত্যুত পৰিয়ালৰ লগতে বৰপথাৰৰ টেঙাহোলা গাঁৱত শোকৰ ছাঁ পৰে৷