09
Dec
2017

গোলাঘাটঃ গোলাঘাট জিলাৰ লেটেকুজানত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোকৰ মৃত্যু হয়। জানিব পৰা মতে, AS-05-C-0751 নম্বৰৰ এখন চাৰিচকীয়া বাহনে এখন বাইকত খুন্দা মৰাৰ ফলত ৰঙাজানৰ হিমাংশু গগৈ নামৰ লোকজন গুৰুতৰ ভাবে আহত হয়৷
দুৰ্ঘটনা সংঘটিত কৰা বাহন খনতেই হিমাংশুক আঘাত প্ৰাপ্ত অৱস্থাত গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও লোকজনৰ মৃত্যু হয়।
কিন্তু বাহনৰ গৰাকীয়ে আঘাত প্ৰাপ্ত হিমাংশুক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসালয় চৌহদত বাহন এৰি পলায়ণ কৰে৷ ইমানৰ পাছতো গমকেই নাপালে চিকিৎসালয়ত নিয়োজিত আৰক্ষীয়ে। স্থানীয় ৰাইজৰ অভিযোগ চিকিৎসালয়ৰ আৰক্ষীয়ে মদ্যপান কৰি থকাৰ বাবেই পৃথিৱীত কি হৈছে একোৱেই গম পোৱা নাছিল।