28
Oct
2017

কাজিৰঙাঃ কাজিৰঙাৰ কহৰাত পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোকৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, তীব্ৰবেগী AS-01-AL-4845 নম্বৰৰ এখন বাহনে পথৰ দাতিৰে খোজকাঢ়ি গৈ থকা প্ৰদীপ কৰ্মকাৰ নামৰ লোক এজনক খুন্দা মাৰে৷ বাহন খন পলায়ণ কৰাৰ লগতে পথৰ দাতিত পৰে থাকে কৰ্মকাৰ৷
একাংশ লোকে প্ৰত্যক্ষ কৰি চিকিৎসালয় ভৰ্তি কৰে যদিও চিকিৎসালয়ত মৃত্যু হয় কৰ্মকাৰৰ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীখন জব্দ কৰে বাগৰি আৰক্ষীয়ে৷