
কাজিৰঙাঃ গোলাঘাট জিলা প্ৰশাসনৰ নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই ৰাষ্ট্ৰীয় ঘাই পথত চালকৰ অতপালি অব্যাহত আছে৷ কিছুদিনৰ ভিতৰতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ যোৱাৰ পাছত আজি কাজিৰঙাত পুনৰ সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা।
আজি সন্ধিয়া ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাজিৰঙাৰ ৰঙাজানত এখন তীব্ৰবেগী বাহনে মহতিয়াই লৈ যায় এটা পুলৰ ওপৰত বহি থকা মুংগীলাল কৰ্মকাৰ নামৰ ৫০ বছৰীয়া লোকজনক। প্ৰত্যক্ষদৰ্শীৰ মতে তীব্ৰবেগেৰে অহা বাহনখনে খুন্দা মৰাৰ লগে লগেই থিতাতে নিহত হয় এই ব্যক্তিজন।
দুটা পুত্ৰ সন্তানৰ পিতৃ আছিল লোকজন। উল্লেখযোগ্য যে, গোলাঘাট জিলাত এতিয়াও বাহাল আছে জিলা প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰা।
এই ধাৰা অনুসৰি দিনৰ ভাগত গাড়ীৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ আৰু ৰাতি ঘণ্টাত ২০ কিলোমিটাৰ ধাৰ্য কৰা হৈছিল। এই সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত কৰি দ্ৰুত গতিত গাড়ী চলাই আহি চালকে সংঘটিত কৰে দুৰ্ঘটনাটো।