
তেজপুৰঃ ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা। একাংশ উদণ্ড চালকে গুৰু-গোঁসাই নমনাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। ট্ৰেফিক আইন আছে যদিও প্ৰায়োগিক দিশত শিথিলতাৰ বাবেই বহুতো কম বয়সীয়া যুৱকে অনুজ্ঞা পত্ৰ অবিহনেই বাহন চলাই থকা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে একাংশ যুৱকে হেলমেট পৰিধান নকৰাকৈয়ে বাইক চলাই ট্ৰেফিক আইনখনক ভেঙুচালি কৰি আহিছে। নিজৰ অসাৱধনতাৰ বাবেই প্ৰায়বোৰ দুৰ্ঘটনা সংঘটিত হয়। আনহাতে কেৱল আইনখনৰ দোহাই দি চৰকাৰী পক্ষক সমালোচনা কৰি থাকিলেই দুৰ্ঘটনাবোৰ ৰোধ নহয়।
দুৰ্ঘটনা ৰোধৰ বাবে চৰকাৰী পক্ষৰ লগতে জনসাধাৰণৰো সহযোগিতা নিতান্তই অপৰিহাৰ্য। আজি বিয়লি চাৰি বজাত গৰৈমাৰীৰ পৰা তেজপুৰ চহৰ অভিমুখে গৈ থকা দুজন যুৱক দুৰ্ঘটনাত নিহত হয়।
এ.এছ-১২-এছ-৬৭৪৪ নম্বৰৰ স্কুটীৰে তেজপুৰ অভিমুখে গৈ থকা দুজন যুৱকে বিপৰীত দিশৰ পৰা আহি থকা অৱস্থাত ডেকাৰগাঁও বৰুৱাচুবুৰীৰ পেট্ৰল পাম্পৰ সমীপত ভাৰতীয় সেনাৰ ১৩-চি-০৯৭০০১ নম্বৰৰ বাহনখনৰ তলত নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতগতিত সোমাই যায়।
যাৰ ফলত থিতাতে দুয়োজন যুৱক নিহত হয়। নিহত যুৱক দুজনৰ নাম চন্দন শইকীয়া আৰু বাবু পটঙ্গীয়া। ঘৰ বাম পৰ্বতীয়াত বুলি জানিব পৰা গৈছে।