
গোৰেশ্বৰঃ অবড়ো সুৰক্ষা সমিতিয়ে অহা ৩১ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ ঘন্টীয়া অৰ্থনৈতিক পথ অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰিছে। বিটিচি চুক্তি পুনৰীক্ষণ, অবড়ো গাঁও কৰ্তন আৰু অসম বিভাজনৰ ষড়যন্ত্ৰ ৰোধ কৰাৰ দাবীত বিটিএডিৰ সকলো পখ অৱৰোধ কৰিব সংগঠনটোৱে৷
কামৰূপ জিলাৰ ৰঙিয়াস্থিত প্ৰগতি সংঘত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি দিলোৱাৰ ইছলামৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই জানিবলৈ দিয়ে।
সভাত অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি বিহাৰী প্ৰসাদ দাসক সংগঠন বিৰোধী কামকাজ আৰু অনুশাসন ভংগৰ অভিযোগত পদৰ পৰা অপসাৰণ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আনহাতে এন আৰ চিৰ নামত ধৰ্মীয় মেৰুকৰণ নকৰি প্ৰকৃত ভাৰতীয় নাগৰিক যাতে কোনো কাৰণত এনআৰচিৰ পৰা বাদ নপৰে তাৰ প্ৰতিও নজৰ ৰাখি এনআৰচি প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট পক্ষক আহ্বান জনায়৷