22
Aug
2017

টিংখাংঃ পিঠি পোৰা ৰদত স্কুলৰ পৰা ওলাই আহিল ছাত্ৰ-ছাত্ৰী৷ স্কুলৰ পৰা ওলাই আহি প্ৰতিবাদত নামিল কণ কণ ছাত্ৰ-ছাত্ৰী৷ টিংখাঙত পাঠদান এৰি প্ৰতিবাদত নামিল কণ-কণ ছাত্ৰ -ছাত্ৰী। অইল ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ নামিল ছাত্ৰ-ছাত্ৰীসকল। অইলৰ গধুৰ বাহনৰ বাবে টিংখাঙৰ পৰা নামৰূপ সংযোগী গুৰুত্বপূৰ্ণ পথটো বিধ্বস্ত হৈ পৰে৷
বিধ্বস্ত পথটো মেৰামতি কৰাত অইল তথা চৰকাৰে গুৰুত্ব আৰোপ নকৰাত স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। টিংখাঙৰ সমিপৰ উমাতৰাস্থিত চামোগুৰি আৰু ঘিনাইৰ অইলৰ খাদ দুটালৈ প্ৰতিদিনে পথটোৰে অহা-যোৱা কৰে অইলৰ গধুৰ যান-বাহন।
যাৰ ফলত বিধ্বস্তপ্ৰায় হৈ পৰা পথটোৰ মেৰামতিৰ বাবে অইল কৰ্তৃপক্ষক স্থানীয় ৰাইজে বাৰম্বাৰ আবেদন জনোৱাৰ পাচতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত মঙলবাৰে টিংখাঙৰ গড়গুড়িত পথ অৱৰোধ কৰে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে৷