
গোৰেশ্বৰঃ গড়কাপ্তানি বিভাগৰ চৰম হেমাহি আৰু ঠিকাদাৰ-অভিযন্তাৰ নিম্নমানৰ কামৰ বাবে যাতায়তৰ ক্ষেত্ৰত বাৰে বাৰে দুৰ্ভোগ ভুগিব লগা হয় ৰাইজে। বাক্সা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ দুটি এনে গড়কাপ্তানি পথ আছে, যাৰ বাবে এতিয়া ৰাইজেই ভোগ কৰিব লগা হৈছে চৰম দুৰ্ভোগ।
ঠিক পথ বুলি ক'ব নোৱাৰি যদিও এই দুটা পথ হ'ল গোৰেশ্বৰ-আন্ধেৰীঘাট (বয়াগলা গড়কাপ্তানি) পথ আৰু গোৰেশ্বৰ-খৈৰাবাৰী গড়কাপ্তানি পথ। গোৰেশ্বৰৰ পৰা আন্ধেৰীঘাটলৈ প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানি পথ আৰু গোৰেশ্বৰৰ পৰা কেৰ্পাভিঠা হৈ খৈৰাবাৰীলৈ প্ৰায় ১৮ কিলোমিটাৰ পথ দুয়োটাৰে এতিয়া যাতায়ত কৰিব নোৱাৰা অৱস্থা হৈ পৰিছে।
আন্ধেৰীঘাট আৰু জালুকবাৰী-কেৰ্পাভিঠাৰ পৰা শ-শ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজে দৈনিক যাতায়তৰ বাবে এই পথ দুটা ব্যৱহাৰ কৰে। কিন্তু পথদুটিৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ যাতানাৰ অন্ত নহোৱা হৈছে। ব্যৱসায়ীৰ লগতে কৃষক সকলোৰো দুৰ্ভোগৰ সীমা নহোৱা হৈছে। গোৰেশ্বৰ বজাৰলৈ সামগ্ৰী বিক্ৰী কৰিবলৈ আনিব লগা হোৱাৰ ক্ষেত্ৰত অধিক ধন আৰু কষ্ঠ ভোগ কৰিব লগা হৈছে। ৰোগীক কিবা কাৰণত গোৰেশ্বৰলৈ আনিব লগা হ'লে ৰোগীৰ অৱস্থা বেয়া হয়।
সমগ্ৰ পথছোৱা কেৱল খলাবমা আৰু দ গাতেৰে ভৰি পৰিছে। অতি প্ৰয়োজনীয় পথ দুটাক এতিয়া একাংশ ঠিকাদাৰ আৰু অভিযন্তাই সোনৰ কণী পৰা হাঁহ হিচাপে বিবেচিত কৰিবলৈ লৈছে। গোৰেশ্বৰ-আন্ধেৰীঘাট পথটো মেৰামতিৰ নামত ইয়াৰ পূৰ্বে ঠিকাদৰে কেৱল নিজৰ পকেটহে গৰম কৰিলে। মেৰামতি নামতহে হ'ল, দুদিনো নিটিকিল পথটো।
অৱশ্যে গোৰেশ্বৰ-খৈৰাবাৰী পথটো বিটিচি চৰকাৰে বিশেষ আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিলে যদিও আজিলৈ মেৰামতি কৰা নহ'ল। বহু কষ্ঠ কৰি ৰাইজে এতিয়া যাতায়ত কৰিব লগা হৈছে। পৰিবৰ্তনৰ নামত অহা বিজেপি চৰকাৰে এই অঞ্চলৰ পৰিবৰ্তন কৰিব বুলি ৰাইজে আশা পুহি ৰাখিছে। পেট্ৰ'লৰ লিটাৰ ৭০ টকা হ'লগৈ যদিও কিন্তু বাট পথৰ উন্নয়ণ হ'লে হোৱা নাই।
জানিব পৰা মতে, এই পথ দুটাৰ নিৰ্মাণ বা মেৰামতিৰ বাবে নতুনকৈ বিভাগীয় ভাবে একোৱেই কাম আগবঢ়া নাই। কেতিয়ালৈ ৰাইজে দুৰ্ভোগ ভুগিব লাগিব তাৰ কোনো ঠিকনা নাই। ৰাইজে আশা কৰিছে পৰিৱৰ্তন কেৱল এটা শ্লোগান হৈ নাথাকক, সঁচা অৰ্থত হওঁক পৰিৱৰ্তন। পথ দুটা নিৰ্মাণ আৰু মেৰামতিৰ বাবে শীঘ্রেই ব্যৱস্থা গ্ৰহণ কৰক স্থানীয় বিধায়ক, ই এম আৰু গড়কাপ্তানি বিভাগে।