
দলংঘাটঃ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ বাট-পখৰ দুৰৱস্থাৰ ছবি খন নেদেখিলে বিশ্বাস কৰিব টান লাগে৷ আজিও গ্ৰাম্য অঞ্চলৰ শতকৰা ৭০ শতাংশ পথতেই বাৰিষাৰ সময়ছোৱাক বোকা-পানীৰ বাবে খোজ কাঢ়িব নোৱাৰি৷ দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালৰ লোকসকলে আজিও হাতত ছেণ্ডেল লৈ মুল পথলৈ আহিব লগা হয়৷ এজাক বৰষুণতে বহিঃৰাজ্যৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় ৰাইজৰ৷
পথৰ বাবে এম্বুলেঞ্চ গাঁৱৰ ভিতৰলৈ যাব নোৱাৰে৷ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়ালে সময় মতে গন্তব্য স্থানলৈ যাব নোৱাৰে কেৱল গ্ৰাম্য পথৰ বাবে৷ তাৰ মাজতে দৰং জিলাৰ বালিপোতাৰ ঐতিহাসিক শক্তি পীঠলৈ আহ-যাহ কৰা পথৰ দুৰৱস্থাই ৰাইজক হাহাকাৰ কৰিব লগা পৰিবেশৰ সৃষ্টি কৰে৷ বালিপোতা গাঁৱৰ ঐতিহাসিক কামাখ্যা মঠ দেৱালয়ত নিতৌ ভক্তৰ সমাগম হয় যদিও পথটোৰ বাবে আহ-যাহত ব্যাপক সমস্যাত পৰে ৰাইজ৷
নিতৌ বহু লোক আহে দেৱালয় খনলৈ পুজা অৰ্চনা কৰাৰ বাবে আহে যদিও স্থানীয় বিধায়ক, প্ৰশাসনে গুৰুত্ব নিদিয়াৰ ফলত এজাক বৰষুণতে আহ-যাহ কৰিব নোৱাৰ পৰিবেশৰ সৃষ্টি হয় পথটেোত৷ অসম গণ পৰিষদৰ চৰকাৰৰ দিনতে মেৰামতি কৰা পথটো আজিলৈকে কোনো দলৰ চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে স্থনীয় ৰাইজ৷
৫ বছৰীয়া কংগ্ৰেছৰ শাসনৰ সময়তো পথটোত এচপৰা মাটি নপৰাৰ লগতে বিজেপি চৰকাৰেও পথটোক মেৰামতি কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ জনপ্ৰতিনিধিয়ে কেৱল নিৰ্বাচনৰ সময়তহে উন্নয়ন কপৰি দিয়াৰ ফুলজাৰি মাৰি দেৱালয় খনৰ উন্নয়ণ তথা পথৰ উন্নয়ণৰ প্ৰতিশ্ৰুতি দি পূজা অৰ্চনা কৰি নিৰ্বাচনৰ পিছত নিৰ্বাচনৰ দিন পাৰ হোৱাৰ পিছত ঘুৰি চাবলৈ আহৰি নাই।