11
Jul
2017

তেজপুৰঃ গ্ৰীষ্মৰ বন্ধক অনন্য ধৰণে উদযাপন কৰাৰ বাবে সাজু হৈছে তেজপুৰ বিশ্ববিদ্যালয়। গ্ৰামাঞ্চলৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয়খনে কলিয়াবৰ প্ৰশাসনৰ সহযোগত ১৪-১৬ জুলাইলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ।
শিবিৰত বিজ্ঞান মনস্কতাৰ ওপৰত আলোচনাৰ লগতে 'এষ্ট্ৰনমি স্কাই ভিৱিং’ শীৰ্ষক আকাশ চোৱা কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। শিবিৰত ডেৰশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছে আয়োজকে।