প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ আমেৰিকাৰ বিদ্যালয়ৰ ইতিহাস বিষয়ক পাঠ্যপুথিত ভাৰতৰ হিন্দু ইতিসাহৰ কথা উল্লেখ কৰোতে কেতবোৰ ভুল তথ্য প্ৰকাশ পোৱাত ক্ষোভিত হৈ পৰিছে আমেৰিকা প্ৰৱাসী ভাৰতীয়সকল। ইয়াৰ বিৰোধিতা কৰি কেলিফণিৰ্য়াত এক সপ্তাহযোৰা প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে যথেষ্ঠ সংখ্যক প্ৰৱাসী ভাৰতীয়ই৷ 

পাঠ্যপুথিত প্ৰকাশ পোৱা হিন্দু ধৰ্ম সম্বন্ধীয় তথ্যসমূহ শুদ্ধ কৰাৰ বাবে প্ৰায় আঠ হাজাৰ প্ৰৱাসী ভাৰতীয় একত্ৰিত হৈ এখন প্ৰস্তাৱনা পত্ৰত স্বাক্ষৰ কৰি কেলিফৰ্ণিয়াৰ চৰকাৰক আবেদন জনায়৷ যাৰ ফলত কেলিফণিৰ্য়াৰ শিক্ষাবিভাগে পাঠ্যপুথি সমূহৰ পুণঃসংস্কৰণ কৰি শুধৰণি কৰে৷

উল্লেখ্য যে, শিক্ষা বিভাগৰ ইন্সষ্ট্ৰাকচনেল কোৱালিটি কমিচনৰ সাৰ্বজনীন ঘোষণাত হিন্দু আমেৰিকান, এলজিবিটি আৰু আফ্ৰিকী আমেৰিকান সকলেও হিন্দু ধৰ্মৰ ভুল তথ্য প্ৰচাৰ সম্পৰ্কত গভীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷

কেলিফণিৰ্য়াস্থিত হিন্দু ইডুকেচন ফাউনডেচন (এচইএফ)ৰ সান্তাৰাম নেক্কৰে কয়, ‘‘ভাৰতীয় ইতিহাসক পাশ্চাত্যৰ দৃষ্টিভংগীৰে চোৱা উচিত নহয়৷ ইতিমধ্যে শিক্ষা বিভাগে ভুল তথ্য সম্বলিত পাঠ্যপুথিৰ প্ৰকাশন খাৰিজ কৰি সংশোধণী কৰিছে৷ কিন্তু ইয়াৰ পাছতো পাঠ্যপুথি সমূহত যথেষ্ট শুধৰণীৰ আৱশ্যকতা আছে৷ সেয়া সম্পূৰ্ণ নহোৱালৈকে আমি আমাৰ ইতিহাসৰ শুদ্ধ তথ্য সংযুক্ত কৰিবৰ বাবে সংঘৰ্ষ কৰি যাম৷’’