♦ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ এ বি এমছুৰ

ৰৌতাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়কক লৈ ৰাজ্যৰ ইমূৰৰপৰা সিমূৰলৈ উত্তাল হৈ থকাৰ সময়তে শুক্ৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ এক জনসভাত অংশগ্ৰহণ কৰি জাতিধ্বংসী বিধেয়ক সংসদত গৃহীত কৰিবই বুলি দেখুওৱা আকোঁৰগোজ মনোভাৱক লৈ জাঙুৰ খাই উঠিছে সদৌ বি টি চি সংখ্যালঘু ছাত্ৰ সন্থা, চমুকৈ এ বি এমছু।
শিলচৰৰ সভাত নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কৰা মন্তব্যৰ বিৰোধিতাৰে শনিবাৰে পুৱা ১১ বজাত ওদালগুৰি জিলা এ বি এমছুয়ে ৰৌতাৰ ঝাৰগাৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
সংগঠনটো অৰ্ধ শতাধিক কৰ্মীয়ে ঝাৰগাৱৰ ঘাইপথটো প্ৰায় আধাঘন্টা সময় অৱৰোধ কৰি বি জে পি চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোদী গ' বেক, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা সিদ্ধান্ত অতি শীঘ্ৰেই বাতিল কৰক, বি জে পি চৰকাৰৰ কাম নাই, এ বি এমছু জিন্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি তোলে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বি জে পি চৰকাৰখনে অসমৰ সাতাম-পুৰুষীয়া ঐক্য-সংহতি বিনষ্ট কৰিব বিচৰা ষড়যন্ত্ৰক জিলা এ বি এমছুৰ সভাপতি জিয়াৰুল হকে ধিক্কাৰ জনোৱাৰ লগতে অতি শীঘ্ৰেই জাতিধ্বংসী বিধেয়কখন বাতিল কৰিবলৈ দাবী উত্থাপন কৰে।
অন্যথাই বি জে পি চৰকাৰৰ বিৰুদ্ধে এ বি এমছুয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে