
বিহালীঃ আৰ পিয়ে গৰম কৰিছে ৰাজ্য৷ এতিয়া চৌদিশে আৰ পি আৰ পি৷ হয়, তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ আৰ পি শৰ্মাৰ কমিচনৰ অভিযোগৰ ফলত গৰম বতাহ বলিছে ৰাজ্যৰ ৰাজনীতিত৷ সাংসদ গৰকাৰীৰ মন্তব্যত বিপদত পৰিছে বিজেপি চৰকাৰ-দল৷
বিজেপি দলৰ প্ৰাক্তন সভাপতি ৰঞ্জিৎ দত্তৰ বিৰুদ্ধে কমিচনৰ অভিযোগ উত্থাপন কৰাত জাঙুৰ খাই উঠিছে বিশ্বনাথ জিলা বিজেপিৰ নেতা-কৰ্মী৷ সাংসদ শৰ্মাক জিলা খনত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে দলৰ পৰা বহিস্কাৰ কৰাৰ প্ৰস্তাৱ-সিদ্ধান্ত গ্ৰহন কৰে বিজেপিয়ে৷ বিশ্বনাথ জিলা কংগ্ৰেছ দলে বিজেপিৰ এই সিদ্ধান্ত তীব্ৰ ভাষাৰে সমালোচনা কৰে৷
কংগ্ৰেছ নেতা তুষাৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তৰ পদত্যাগৰ দাবী জনায়৷ সাংসদ আৰ পি শৰ্মাক বিশ্বনাথ জিলাত প্ৰৱেশ নিষিদ্ধ কৰা সিদ্ধান্ত সম্পূৰ্ণ অগনতান্ত্ৰিক বুলি অাখ্য দিয়ে৷ পৰিবৰ্তনকামী চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দত্তৰ বিৰুদ্ধে অভিযোগ লাভ কৰাৰ পিছতো অদ্যাপি কোনো ব্যৱস্থা গ্ৰহন কৰাৰ বিপৰীতে সাংসদ শৰ্মাৰ পৰা প্ৰমান বিচৰাটো মুখ্যমন্ত্ৰী গৰাকীৰ দুমূখীয়া নীতি বুলি কংগ্ৰেছে কয়৷