
গৌৰীসাগৰঃ যোৱা নৱেম্বৰ মাহত চৌকাত জুই জ্বলাব পাৰ নাছিল শ-শ লোকে৷ ঘৰত চাউল-দাইল থাকিলেও তেওলোকে চৌকাত জুই জ্বলাব পৰা নাছিল। হাতত ধন থাকিও, ভৰালত ধান থাকিও তেওলোকে জ্বলাব পৰা নাছিল চৌকা। হয়, উজনি অসমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰৰ তথাই কৈছে৷ যোৱা নৱেম্বৰ মাহত ৰাজ্যৰ আন আন ঠাই বানৰ পানীত ডুবি থকাৰ সময়ত শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ অঞ্চল তেলত ডুবি আছিল৷
কেৱল ইমানেই নহয়, এই অঞ্চলটোৰ লোকসকলে ভালদৰে গা ধুব-কাপোৰ ধুব নোৱাৰাৰ পৰিবেশ হৈছিল। দমকল, নাদ থাকিও হাহাকাৰ কৰিব লগা হৈছিল এটুপি খোৱাপানীৰ বাবে। পোহনীয়া জীৱ-জন্তুৰো একেই দুৰৱস্থা। গৰা এৰাল দিব নোৱাৰাৰ লগতে হাঁহৰ জাক জলাশয়ত চৰিব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছিল। কেৱল ইমানে নহয় প্ৰায়ে পাইপত অগ্নিকাণ্ড সংঘটিত হৈ আতংকিত হৈ নিদ্ৰাহৰণ হয় ৰাইজৰ৷ ONGCৰ পাইপৰ পৰা নিৰ্গত হোৱা তেলেৰে লুটুৰি-পুতুৰি হৈ থাকিব লগা হয় ৰাইজ৷
তাঁতে আকৌ সময়ে সময়ে অগ্নিকাণ্ড সংঘটিত হৈ আহিছে৷ পানীৰ পৰিৱৰ্তে পথাৰ ডুব যায় তেলেৰে। খাৰুৱা তেলে অঞ্চলটোৰ গছবোৰৰ অৱস্থাও তথৈবছ কৰি পেলাইছে৷ তেল ওপঙি থকাৰ ফলত পানীত নমাৰ ফলত অঞ্চলটোৰ লোকসকলে পুহি অহা হাঁহবোৰৰ গাৰ বৰণ ক’লা হৈ পৰা দেখা গৈছিল। ক'লা হৈ পৰিছিল বগা ৰাজহাঁহ। পুখুৰী, জলাশয়ত ক্ৰমাৎ নাইকিয়া হৈ পৰিছিল মাছ। ONGCৰ অতপালিত অতিষ্ঠ জনসাধৰণে অৱশেষত শনিবাৰে ওলাই আহিল ৰাইজ পথলৈ৷
শুকুৰবাৰে নিশা ৰুদ্রসাগৰৰ ৰূপহীবিল ৰাধিকানগৰৰ ৰূপহী পথাৰস্থিত তেল আৰু প্রাকৃতিক গেছ নিগমৰ ২নং জি জি এছত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ পিছতেই সৰৱ হৈ পৰে ৰাইজ৷ মেহ মাহত তেলে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰাত ব্যাপক ক্ষতি হোৱা লোকসকলক ONGC-এ ক্ষতিপূৰণ নিদিয়াৰ লগতে অগ্নিকাণ্দ ৰোধ কৰাৰ ব্যৱস্থা নকৰাত ৰাজ পথলৈ ওলাই আহে ৰাইজ৷ ONGCৰ ওচৰে-পাজৰে থকা লোকক ক্ষতিপূৰণ দিয়াৰ লগতে জীৱন সম্পত্তিৰ নিৰপত্তা দিয়াৰ দাবী জনাই ৰাইজে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷