নগাঁওঃ অৱশেষত ভাল খবৰটো আহিল নগাঁৱৰ উত্তৰ প্ৰান্তৰ ৰাইজৰ বাবে৷ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ৰূপহীৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰূপহী কলেজক বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যাল কৰ্তৃপক্ষই বিজ্ঞান শাখা খোলাৰ অনুমতি প্ৰদান কৰে৷

এই খবৰ পোৱা মাত্ৰকে উৎফুল্লিত হৈ পৰিছে উত্তৰ নগাঁওবাসী৷ ৰূপহী কলেজৰ অধ্যক্ষ ড০ ভূবনানন্দ পাটনাকৰ তথা প্ৰৱক্তাসকলৰ প্ৰচেষ্টাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এই অনুমতি লাভ কৰিবলৈ সমৰ্থ হয় মহাবিদ্যালয়খনে।লগতে চলিত বৰ্ষত বিজ্ঞান শাখাত ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তিৰ অনুমতি লাভ কৰে৷

পদাৰ্থ বিজ্ঞান, প্ৰাণীবিজ্ঞান, জীৱবিজ্ঞান, উদ্ভিদবিজ্ঞান আৰু অংকক মূল বিষয় হিচাপে ল'ব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে। প্ৰতিটো বিষযত ২০টা কৈ আসনৰ ব্যৱস্থা থাকিব কলেজখনত৷

গুৱাহাটী বিশ্ববিদ্যালযে ৰূপহী কলেজক বিজ্ঞান শাখা খোলাৰ অনুমতি প্ৰদান কৰাত কলেজ কৰ্তৃপক্ষৰ লগতে কলেজৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে৷