
দলংঘাটঃ স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰিছে যদিও ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ উন্নয়ন হৈছেনে? গ্ৰাম্যঞ্চলৰ সাধাৰণ ৰাইজে বাট-পথ, স্বাস্থ্য, শিক্ষা, বিশুদ্ধ খোৱাপানী আদিৰ সুবিধা পাইছেনে? এই প্ৰশ্নই গ্ৰাম্য অঞ্চলৰ লোকসকলক জুৰুলা কৰি আহিছে।
আজিও চিকিৎসকৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি মৃত্যুৰ মুখত পৰে গাঁৱৰ মানুহ৷ খাবলৈ নাপায় এটুপি বিশুদ্ধ পানী৷ কৃষি পথাৰত পানী, বাট-পথৰ কদৰ্য ময় অৱস্থাৰ বাবে আজিও আলাই-আথানি হৈ আহিছে গাঁৱৰ মানুহৰ৷ এজাক বৰষুণ দিলে একাঠু বোকা-পানীৰে যাতায়াত কৰিবলগীয়া হয় গ্ৰাম্য অঞ্চলৰ লোকসকলে৷
মসৃণ পথ তেওঁলোকৰ বাবে এক সপোন৷ তাৰ মাজতে দৰং জিলাৰ কলাইগাঁও বিধান সভা সমষ্টিৰ ভূড়ৰগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজিকুছি টংলা মেছকা পথটো ৰাইজে শ্ৰমদানেৰে মেৰামতি কৰে। পথটোৰে তিনিখনকৈ কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায়ী, চাকৰিয়াল আদিয়ে আহ-যাহ কৰে।
পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাইজ আহ-যাহত ব্যাপক সমস্যাত পৰি আহিছিল৷ পথটো যাতায়াতৰ বাবে অনুপযোগী হৈ পৰাত ৰাইজে জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰি ভাগৰি পৰি অৱশেষত হাতে হাতে কোৰ লৈ শ্ৰমদানেৰে মেৰামতি কৰে।
ছাত্ৰ-ছাত্ৰীয়ে পথটোৰ বাবে সময়মতে স্কুল-কলেজলৈ গৈ নোপোৱাৰ লগতে এম্বুলেন্সো পথটোৰে আহিব নোৱাৰে৷ স্থানীয় গাঁওবুঢ়া সুনীল ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক নবীন ডেকা, সমাজকৰ্মী তৰুণ বৈশ্য, ৰমেশ ডেকা অাদিকে ধৰি বহু কেইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত গৰিয়াপৰা, পাৰিয়াপাৰা, বাঘৰবাৰী, বালিপোতা ভূড়ৰগড় আদিকে ধৰি প্ৰায় ৫-৬ খন গাঁৱৰ ৰাইজ হাতে হাতে কোৰ লৈ ওলাই আহি পথটো মেৰামতি কৰে৷
যি সময়ত কৃষকসকলে শাওণৰ খেতি পথাৰত ব্যস্ত থাকিব লাগিছিল তেনে সময়ত পথ মেৰামতি কৰাত ব্যস্ত থাকিব লগা হোৱাতো এক প্ৰকাৰ বিড়ম্বনা হৈ পৰিছে বুলি স্থানীয় লোকসকলে মন্তব্য কৰিছে৷