শদিয়াঃ অৱশেষত অসমবাসীয়ে বাঞ্ছা নকৰা ৰক্তাক্ত পৰিৱেশেই সষ্টি হ'ল অসমত। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কুটিল ৰাজনীতি চলি থকাৰ মাজতে তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। শদিয়া আৰক্ষী জিলাৰ অন্তৰ্গত ধলাৰ কেঁচাইখাতী থানাৰ সমীপৰ খেৰবাৰীত অচিনাক্ত দুৰ্বৃত্তই ৫ জন লোকক গুলীয়াই নিহত কৰে। শদিয়াৰ আৰক্ষী অধিক্ষক প্ৰশান্ত সাগৰ চাংমাই এই ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে।

স্থানীয় লোকে প্ৰকাশ কৰা মতে সেনাৰ পোছাকত অহা দুৰ্বৃত্তৰ দলটোৱে ভাষিক সংখ্যালঘু অধ্যুষিত খেৰবাৰীত প্ৰৱেশ কৰি কেইবাজনো লোকক শাৰী পাতিবলৈ নিৰ্দেশ দি জধে-মধে গুলীয়াবলৈ আৰম্ভ কৰে।

এই অতৰ্কিত আক্ৰমণত অঞ্চলটোৰ ৫জন স্থানীয় লোক থিতাতে নিহত হয়। গুলীচালনাত নিহতকেইজনক ক্ৰমে শ্যামল বিশ্বাস, সুবল দাস, অনন্ত বিশ্বাস, অবিনাশ বিশ্বাস আৰু ধনঞ্জয় নমঃশুদ্ৰ বুলি জানিব পৰা গৈছে। ঘটনাটোত আহত হৈছে আন কেইবাজনো লোক। স্থানীয় লোকসকলে সেনাৰ পোছাকত অহা দুৰ্বৃত্তৰ দলটো আলফা স্বাধীনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে সেনা-আৰক্ষীৰ এটা বৃহৎ দল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক উক্ত স্থানলৈ যাবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈকো ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।