কোকৰাঝাৰঃ ভয়াৱহ বানপানীৰ পিছত কোকৰাঝাৰ জিলাৰ বৰ্তমানৰ পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও বানাক্ৰান্তই আশ্ৰয় শিৱিৰতে দিন অতিবাহিত কৰিবলগীয়া হৈছে।

বানৰ ফলত  জিলাখনত ৮ গৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে লক্ষাধিক লোক আক্ৰান্ত হোৱাৰ উপৰিও লাখ লাখ হেক্টৰ কৃষিভূমি বিনষ্ট হৈছে। জিলাখনত অদ্যপি ১৩ টা আশ্ৰয় শিৱিৰত ৭০১৩ গৰাকী বৰ্নাত্যই আশ্ৰয় গ্ৰহন কৰি আছে। 

বানপানীৰ পিছতে সৃষ্টি হোৱা এনে এক অনাহুত পৰিৱেশৰ মাজতে কোকৰাঝাৰ বিক্ৰীকৰ বিভাগে ব্যৱসায়ী সন্থা আৰু একাউণ্টটেণ্ট সন্থাৰ সহযোগত আজি জিলাখনৰ পাটগাঁওস্থিত আশ্ৰয় শিৱিৰত প্ৰায় লক্ষাধিক টকাৰ বিভিন্ন সামগ্ৰী বানাক্ৰান্তৰ মাজত বিতৰণ কৰে।

বিক্ৰীকৰ অধীক্ষক দ্বীপেন দাস , কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ সম্পাদক দিলীপ শেঠীয়া আৰু একাউণ্টটেণ্ট সন্থাৰ মাধৱ কৰৰ নেৰ্তৃত্বত যোৱা এটি ২০ জনীয়া প্ৰতিনিধি দলে পাটগাঁওৰ বানাক্ৰান্তৰ আশ্ৰয় শিৱিৰত প্ৰায় লক্ষাধিক টকাৰ চাউল, দাইল, নিমখ, শিশুখাদ্যকে ধৰি বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় আন কেতবোৰ সামগ্ৰীও বিতৰণ কৰে।              

ইপিনে জিলা প্ৰশাসনৰ পৰা আজি বানাক্ৰান্তৰ মাজত ৬০ কুইণ্টল চাউল, ১১ কুইণ্টল দাইল, ৩ কুইণ্টল নিমখ, ৩৪৩ লিটাৰ মিঠাতেল বিতৰণ কৰে।