ধুবুৰীঃ ধুবুৰী জিলাৰ চৰচাপৰিৰ বৃহত্তৰ এলেকা সামৰি জৰুৱা বন্দিহানা সমবায় সমিতিখন গঠন কৰা হয়৷ মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াৰে অঞ্চলটোৰ প্ৰায় ৩০০০ ভোটাৰে  ১৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় কৰে৷ প্ৰতিদ্বন্দিতাত থিয় হৈছিল সৰ্বমূঠ ২৮ জন প্ৰাৰ্থী৷

মঙলবাৰে প্ৰখংৰ ৰ’দকো নেওচি ভোটাৰ সকলে ভোট দান কৰিবলৈ অহা পৰিলক্ষিত হ’ল৷ ইফালে ভোট দান কৰিবলৈ অহা ভোটাৰ তথা শ্বেয়াৰ হোল্ডাৰ সকলে সমবায়খনৰ কৰ্ম কাণ্ডক লৈ অভিযোগো উত্থাপন কৰে৷ অঞ্চলটোৰ ৰাইজে চৰকাৰী ৰেচন কাৰ্ড আদি সা-সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি ভোট প্ৰদান কৰাটো এক পাগলৰ লেখীয়া কাম হে হৈছে বুলিও মন্তব্য কৰে৷

ইফালে চিৰাখোৱা চৰকাৰী সুবিধা লাভকৰা শিশুকল্যান এলপি স্কুলৰ শিক্ষক লালমিঞা শ্বেখে সদস্য পদত উত্তীৰ্ণ হৈ চেয়াৰমেন পদৰ বাবে তৎপৰতা চলোৱা ঘটনাই সমগ্ৰ শ্বেয়াৰ হোলডাৰৰ মাজত চৰ্চালাভ কৰিছে৷ চৰকাৰী মধ্যহ্নভোজনৰ সুবিধালাভ কৰা এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকে কেনেকৈ সমবায় সমিতিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিলে তাকে লৈও স্থানীয় ৰাইজে প্ৰশ্ন উত্তাপন কৰিছে৷