
খেৰণিঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত সুলভ মুল্যৰ খাদ্য যোগানৰ ক্ষেত্ৰত এক বিশেষ ভুমিকা পালন আৰু সেৱা আগবঢ়াই আহিছে জিলাখনত থকা অতি গুৰুত্বপূৰ্ণ বহুমুখী সমবায় সমিটিসমুহে৷ আৰু এই সমিটিসমুৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াৰ বাবে প্ৰয়োজন এখন নিখুত পৰিচালনা সমিটিৰ৷ এই নিয়মাৱলীৰ ভিত্তিত পৰিচালনা সমিটি গঠন কৰাৰ ক্ষেত্ৰত এতিয়া পাহাৰীয়া জিলাখনত ইখনৰ পাছত সিখনকৈ সমবায় সমিটি বিজেপিৰ দখলত যোৱা পৰিলক্ষিত হৈছে৷
আনকি পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৱৰ্তী এলেকাৰ লংহেমফিত অৱস্থিত ৰংপাংবং-কান্দুলি সমবায় সমিটিও এতিয়া বিজেপিৰ বান্ধোনত বান্ধ খাই পৰিছে৷ উল্লেখ্য যে উক্ত সমবায় সমিটিৰ কাৰ্যালয় চৌহদত পূৰ্বৰ পৰিচালনা সমিটিৰ উদ্যোগত আয়োজন কৰা এখন সভাৰ জৰিয়তে যোৱা শনিবাৰে ৰংপাংবং-কান্দুলি সমবায় সমিটিৰ এখন নতুন পূৰ্ণাংগ পৰিচালনা সমিটি গঠন কৰে সমবায়ৰ কৰ্তৃপক্ষই৷
মন কৰিবলগীয়া যে বাচনি প্ৰক্ৰিয়াৰে ১৫ জনীয়া পদেৰে গঠন কৰা সমিটিখনৰ অধ্যক্ষ পদত বিজেপি সমৰ্থিত ব্যক্তি ৰোলছিং ক্ৰক বাচনি কৰি দায়িত্ব অৰ্পন কৰাৰ বিপৰীতে সংৰক্ষিত অনুসুচীত জাতি আৰু অনুসুচীত জনজাতিৰ পৰা চাৰছিং তিছ’ক বাচনি কৰাৰ লগতে সংৰক্ষিত মহিলাসকলৰ ফালৰ জৰলিনা টেৰনপি আৰু ফুলটিনা ৰংফাৰপিৰ লগতে সাধাৰণ শ্ৰেণীৰ লোকৰ মাজৰ পৰা লংছিং তিমুং, লিয়ান মটচুন, এনথনী টেৰন, যচুৱা চাইথুৱাই, চাৰছিং টেৰন, নেৱাল ফাংছ’, হেডছিং টেৰন, আগষ্টিন হান্সে, দানিয়েল হান্সে, চেং টেৰন আৰু জেৰিমায়া ৰংপিক পৰিচালনা সমিটিখনৰ সদস্য হিচাপে বাচনি কৰা হয়৷
উল্লেখ্য যে পৰিচালনা সমিতি গঠন কাৰ্যসুচীৰ পাছতে অনুষ্ঠিত কৰা এখন মুকলি সভাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰনৰ বিপৰীতে পৰিষদীয় সদস্যা ৰীণা টেৰাংপি আৰু পৰিষদীয় প্ৰাক্তন সীমান্ত অধ্যক্ষ দীলিপ হান্সে উপস্থিত হৈ নতুন সমিতিখনত অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী পদবীকে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায়৷ সভাৰ জৰিয়তে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰন আৰু পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে অতি পিছপৰা দুৰ্গম অঞ্চলত অৱস্থিত উক্ত সমবায়খন সুচাৰুৰূপে পৰিচালনা কৰি ৰাইজৰ অভাৱ অভিযোগ দুৰ কৰি যাবলৈ দিহা পৰামৰ্শ দিয়ে৷
সমবায়খনক চাউল, দালি আৰু কেৰাচিন বিতৰনৰ সমান্তৰালকৈ আন আন বৃত্তিমুলক আৰু উপাৰ্জনমুখী কামো কৰি যাবৰ বাবে আহ্বান জনায় আৰু এওঁলোকেও অৰ্থাৎ জনপ্ৰতিনিধিসকলেও জনহিতৰ স্বাৰ্থত সকলো সময়তে সমবায়খনক সহায় সহযোগ কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷