
বঢ়মপুৰঃ পাহাৰ-জংঘলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰাজ্যত আজিও অব্যাহত আছে৷ যাৰ ফলত মানুহৰ খেতি-বাতি, ঘৰ-বৰ নষ্ট কৰাৰ লগতে বহু মানুহক হত্যা পৰ্যন্ত কৰি আহিছে হাতীয়ে৷ আনহাতে মানুহৰ হাততো হাতীৰ প্ৰাণ গৈছে৷ যোৱা ২৪ ঘন্টাত ৰাজ্যত এটি হাতী পোৱালী উদ্ধাৰৰ লগতে প্ৰায় চাৰিটা হাতীৰ মৃত্যু হৈছে৷
গোৱালপাৰা জিলাৰ ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ সমীপৰ ধান খেতিৰ পথাৰত এটি বনৰীয়া হাতীৰ মৃত্যু হয়৷ বৃহস্পতিবাৰে পুৱা ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত ছাটাবাৰি গাঁৱৰ খেতিপথাৰত মাইকী হাতীটো পৰি থকা প্ৰত্যক্ষ কৰে ৰাইজে৷ শোণিতপুৰ জিলাতো এটি বনৰীয়া হাতীৰ মৃত্যু হয়৷ নগাঁও জিলাৰ চামগুৰিৰ কাজিৰঙাত নিশা আন এটি বন্যহস্তীৰ মৃত্যু হয়৷
চামগুৰিৰ কাজিৰঙাত প্ৰায় ১৫ দিন পূৰ্বে এটি হাতীৰ মৃত্যু হৈছিল যদিও বৃহস্পতিবাৰে পূঁৱা চাহ বাগানৰ মাজত উদ্ধাৰ হয় এটা হাতীৰ মৃতদেহ। হাতীৰ জাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত হাতীটো মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰে ৰাইজে। চামগুৰিৰ চাপানালা, বালিজুৰি আদি ঠাইত বহু দিনৰে পৰা হাতী-মানৱৰ সংঘাত অব্যাহত আছে।
কিন্তু এই সমস্যা সমাধানৰ বাবে কোনো পৰিকল্পনা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৰাজ্যৰ বিয়াগোম বন বিভাগৰ বিৰুদ্ধে। পৰিকল্পনাটো দূৰৰ কথা হাতী খেদাৰ কায়দাও বন বিভাগৰ লোকে নাজানে বুলি কয় ৰাইজে। ৰাজ্যত এটাৰ পিছত আনটো বন্য হস্তীৰ মৃত্যুৱে ৰাজ্যৰ বিয়াগোম বিভাগটোৰ স্বৰূপ উদঙাই দিছে। মাথো চাৰি দিন পূৰ্বে শিৱসগাৰ জিলাৰ হালোৱাটিঙত বিদ্যুৎস্পৃষ্ট হৈ দুটি হাতীৰ মৃত্যু হৈছিল৷