বাইহাটা চাৰিআলিঃ নেৰানেপাৰা বৰষুণক নেওচি শোভাযাত্ৰত অংশগ্ৰহণ কৰিলে অনেক ভক্তই। কামৰূপ জিলাৰ বিহদিয়াৰ ঐতিহ্যপূৰ্ণ শ্ৰীশ্ৰী চতুৰ্ভূজ সত্ৰৰ তিনি দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে সামৰণি পৰে ৫৬৯ তম শংকৰদেৱৰ জন্ম মহোৎসৱ।

গুৰুজনাৰ মণিকূট আগত লৈ হৰিনামৰ ধ্বনিৰে বিহদিয়া শ্ৰীশ্ৰী চতুৰ্ভূজ সত্ৰৰ ভক্তপ্ৰান ৰাইজে আকৰ্ষণীয় ৰূপত শোভাযাত্ৰত অংশগ্ৰহণ কৰে।

বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠানত শুৱালকুছিৰ নাট্য দলৰ দ্বাৰা নাট পৰিৱেশন কৰা হয়৷