নগাঁওঃ নগাঁও জিলাৰ ফুলগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সমিতিৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱটি ফুলগুৰি আঞ্চলিক কীৰ্ত্তন গৃহত উদযাপনৰ দিহা কৰা হৈছে৷

প্ৰথম দিনা পুৱাৰে পৰা উষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পন, খোল-প্ৰসংগ, ভাগৱত পাঠ, নাম-কীৰ্তন, আই মাতৃসকলৰ মুকলি দিহানাম আদিৰ লগতে সন্ধ্যা বন্তি প্ৰজ্বলন, সম্বৰ্ধণা অনুষ্ঠান আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা শংকৰী কলা-কৃষ্টিমূলক বিচিত্ৰানুষ্ঠান অনুষ্ঠিত কৰা হ’ব৷

দ্বিতীয় দিনা প্ৰাতঃপ্ৰসংগ, খোল-প্ৰসংগ, ভাগৱত পাঠ, নাম-প্ৰসংগ আদিৰ লগতে বিয়লি ৩ বজাৰ পৰা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷

অন্তিম দিনা পুৱাৰে পৰা বিভিন্ন ধৰ্মীয় আনুষংগীক কাৰ্যসূচীৰ লগতে নিশালৈ গড়মুৰ গাঁৱৰ শিল্পী সমাজে অংকীয়া নাট 'সতী কৰুণা' পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷