
জাজৰিঃ সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, চিত্ৰকৰ আছিল শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি গঠনৰ লগতে সাহিত্য-সংস্কৃতি নিৰ্মাতা আছিল। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিৰ ডোলেৰে বান্ধিছিল শংকৰদেৱে।
আজি জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাব তিথি। ৰাজ্যজুৰি উদুলি-মুদুলি হৈ পৰিছে ৰাজ্যৰ নামঘৰ। ভক্তি ৰসেৰে পালন কৰা গৈছে তিৰোভাব তিথি। ভাদ্ৰ মাহৰ শুক্লা দ্বিতীয়া দিনটোত উজনি-নামণিত ভক্তি ৰসত বিভোৰ হৈ পৰা দেখা গৈছে মানুহক।
বৰপেটা, নগাঁও গুৱাহাটী মহানগৰী, বাক্সা আদি জিলাৰ সমগ্ৰ অসমত নামঘৰ, সত্রকে ধৰি বিদ্যালয় আদিত উলহ-মালহেৰে উদযাপন কৰিছে গুৰুজনাৰ এই তিথি। মহাপুৰুষ জনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে গুৰুজনাৰ তিথি।
বৃহত্তৰ জাজৰি অঞ্চলৰ নামঘৰ, ঢলপুৰীয়া যুৰীয়া নামঘৰ, বগৰিগুৰি দুজনাগুৰু সংস্কৃতিক কেন্দ্ৰ, কুজিদাহ যুৰীয়া নামঘৰ, নেপালুসত্র নামঘৰ, গজলাসত্র নামঘৰ আদিত তিৰোভাব তিথি উদযাপন কৰা হ’ব। পূৱাৰে পৰা নাম কীৰ্তন আদি কৰি ভক্তৰ লানি নিচিগা সমাগমে ভক্তি ৰসত মুখৰিত হৈ পৰিছে গুৰু জনাৰ জন্ম স্থান বটদ্ৰৱা।