
নগাঁওঃ নগাঁও জিলাৰ ৰহা বিধান সভা সমষ্টিৰ খলিহামাৰী শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰাল খেলপথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নগাঁও জিলা যোগী সন্মিলনীৰ ৪৪ তম দ্বি-বাৰ্ষিক অধিবেশন৷
আদিনাথ আঞ্চলিক যোগী সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অধিবেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে অভ্যৰ্থনা সমিতিৰ সভাপতি ভদ্ৰকান্ত নাথ আৰু সম্পাদক পুষ্পেন্দ্ৰ নাথে৷
শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা নগাঁও জিলা যোগী মহিলা সন্মিলনী প্ৰতিনিধিৰ সভা, নগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ অভিৱৰ্ত্তন, নগাঁও জিলা যোগী পুৰুহিত সন্মিলন, নগাঁও জিলা যোগী জাতীয় পৰিষদৰ অধিবেশন আৰু নগাঁও জিলা যোগী যুৱ সন্মিলনীৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব৷
সন্ধিয়া ৬ বজাৰ পৰা নগাঁও জিলা যোগী সন্মিলনীৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব৷ দ্বিতীয় দিনা পুৱা সামুহিক যোগ প্ৰাণায়াম শিবিৰ, শ্ৰী শ্ৰী মহাযজ্ঞ, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণৰ অন্তত দুপৰীয়া ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব৷ সভাত অসম প্ৰাদেশীক যোগী সন্মলনীৰ বিষয়-ববীয়াসকলৰ লগতে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক আৰু প্ৰশাসনিক বিষয়া উপস্থিত থাকিব৷ সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানেৰে অধিবেশনৰ সামৰণি পৰিব৷