
চামগুৰি/বঢ়মপুৰঃ দৰিদ্ৰ পৰিয়ালৰ সন্তান তেও৷ পৰিয়াল বুলিবলৈ একমাত্ৰ মাতৃগৰাকীক দিন হাজিৰা কৰি পোহপাল দিয়ে দিও৷ পুৱাই ঘৰৰ পৰা ওলাই গৈ এখন দোকানত কাম কৰি উপাৰ্জন কৰা টকা কেইটাৰে সুখ-দুখে মাতৃৰ সৈতে ঘৰখন চলাই আহিছে৷ কিন্তু ঘৰ খনত যে কাৰোবাৰ নজৰ হে লাগিল৷ কিয়নো কালিলৈকে পুৱাই ঘৰৰ পৰা ওলাই গৈ কাম কৰি মাতৃক পোহপাল দিয়া পুত্ৰ এতিয়া বিছনাৰ সংগী৷
একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ এতিয়া বিছনাৰ সংগী৷ ৮০ বছৰীয়া মাতৃয়ে পুত্ৰ মুখলৈ চাই সময় পাৰ কৰিব লগা হৈছে৷ দৰিদ্ৰ মাতৃয়ে চকুলো টুকি দিন পাৰ কৰিব লগা হৈছে৷ নগাঁও জিলাৰ পুৰণিগুদাম কলংপাৰ হালোৱাগাঁৱৰ দৰিদ্ৰ যুৱক বৰ্তমান মৃত্যুৰে সৈতে যুঁজ দিছে৷ নাম তেওৰ শান্তিৰাম কলিতা (৩৫)৷ জানিব পৰা মতে, শান্তিৰামে এখন দোকানত দিন-হাজিৰা কৰি মাতৃৰে সৈতে এটা ভগা উৰুখা পঁজাত জীৱন নিৰ্বাহ কৰিছিল৷
সকলো থিকেই আছিল যদিও বিধিৰ-বিপাক কিছুদিন আগলৈকে সুস্থ শান্তিৰাম এতিয়া বিছনাৰ সংগী হ’ব লগা হ’ল৷ শান্তিৰামৰ বাঁও ভৰিখন হঠাৎ ফুলি উঠে৷ ভৰি খন লৰচৰ কৰিব নোৱাৰা হয়৷ কলংপাৰ হালোৱাগাঁৱৰ ৰাইজ আৰু কেইগৰাকীমান উদ্যমী যুৱকে শান্তিৰামক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়৷
পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে গুৱাহাটীলৈ নিয়া হয়৷ গুৱাহাটীত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত যুৱকজনৰ ভৰিত এটা টিউমাৰ হোৱা বুলি কয় চিকিৎসকে৷ চিকিৎসকে শীঘ্ৰে তেওঁৰ টিউমাৰৰ চিকিৎসা কৰিবলে কয়৷ ইফালে, একমাত্ৰ আশী বছৰীয়া বৃদ্ধা মাতৃৰ সৈতে জীৱন-নিৰ্বাহ কৰা এইগৰাকী দৰিদ্ৰ যুৱকৰ ৰোগৰ চিকিৎসা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ নহয় বুলি জানিব পৰা গৈছে৷ বৰ্তমান যুৱকজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন বহু টকাৰ৷
ইতিমধ্যে স্থানীয় ৰাইজে যুৱকজনক কিছু পৰিমাণে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়৷ শান্তিৰামক ৰাজ্যৰ বাহিৰত চিকিৎসা কৰিবৰ বাবে বহু লাখ টকাৰ প্ৰয়োজন৷ শান্তিৰামৰ বৃদ্ধা মাতৃগৰাকীয়ে ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসী ৰাইজৰ সহায়-সহযোগ বিচাৰিছে৷ উল্লেখ্য যে, যুৱকজনক কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে ৯৪৩৫২৬০৩০১ নম্বৰত যোগাযোগ কৰিব পাৰিব৷