
ডিজিটেল ডেস্ক |চতিয়াঃ দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে দশমীৰ নিশা চতিয়াত সংঘটিত হ’ল মানৱতাক লজ্জানত কৰা এক ধৰ্ষণ কাণ্ড৷ চতিয়াৰ ইটাখোলাত দুই নৰপিশাচে দলবদ্ধভাৱে ধৰ্ষণ কৰিলে এগৰাকী ১৩ বছৰীয়া কিশোৰীক৷ চতিয়াৰ টেংঙা বস্তি বালিদোঙাৰ হাচমত আলি আৰু চাহাবুদ্দিন আলি নামৰ লম্পট দুটাই এনে ঘৃণনীয় কাৰ্য সংঘটিত কৰে৷
একে অঞ্চলৰে কিশোৰী এগৰাকীক শুকুৰবাৰে ঘৰত কোনো নথকা অৱস্থাত সন্ধিয়া ঘৰৰ পৰা কিছুদূৰ নিলগত অনুষ্ঠিত হোৱা পূজাৰ মেলা দেখুৱাম বুলি কৈ এখন মটৰচাইকেলত তুলি নি পূজা দেখুৱাই নিশা প্ৰায় ৯ বজাত পুনৰ উভতাই আনি ইটাখোলা বজাৰ গৃহত দলবদ্ধভাৱে ধৰ্ষণ কৰি পেলাই থৈ যায়৷
কিশোৰী গৰাকী নিশা ঘৰত নথকাত পৰিয়ালৰ লোকে বিচাৰখোচাৰ কৰাত বজাৰ গৃহত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে৷ কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকক ঘটনাৰ কথা জনোৱাত পৰিয়ালৰ লোকে আজি চতিয়া থানাত ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে আৰু চতিয়া আৰক্ষীয়ে অনুসন্ধান চলাই দুই অভিযুক্ত ধৰ্ষনকাৰী হাচমট আলি আৰু চাহাবুদ্দিন আলিক গ্ৰেপ্তাৰ কৰে৷
সম্প্ৰতি দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা চতিয়া আৰক্ষীয়ে নাবালিকা গৰাকীক স্বাস্থ্য পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা যায়৷