পতঞ্জলীৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক প্ৰশাসনে গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল

newsnextoneমঙ্গলদৈ ১০অক্টোবৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বিৰুপ মন্তব্য কৰা বাবা ৰামদেৱৰ শিষ্য যোগ নিৰীক্ষক সতীনাথ বাৰালক গ্ৰেপ্তাৰৰ দাবীত এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে ছিপাঝাৰৰ দুনী আঞ্চলিক ছাত্ৰসন্থা আৰু মঙলদৈ মহকুমা ছাত্ৰ সন্থাই ।।
সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহনেৰে খটৰা মন্দিৰ প্ৰাংগনৰ পৰা দিপীলালৈ শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তেঁওলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিক্ষোভৰ অন্তত পাথৰিঘাট ৰাজহচক্ৰৰ চক্ৰবিষয়াৰ হাতত এখন স্মাৰক প্ৰত্ৰও প্ৰদান কৰে প্ৰতিবাদী দলটোৱে৷
উল্লেখ্যোগ্য যে ছিপাঝাৰৰ ভেৰুৱাত পতঞ্জলি যোগপীঠ হৰিদ্বাৰৰ তত্বাৱধানত পাচঁদিনীয়া বিনামুলীয়া যোগ শিৱিৰ ২৪ ছেপ্তেম্বৰৰ পৰা অনুস্থিত হৈছিল ৷ যত উপস্থিত আছিল বাবা ৰামদেৱৰ নিৰ্দেশমৰ্মে সমল ব্যক্তি হিচাবে হৰিদ্বাৰৰ পৰা অহা উত্তৰ পূৱ ভাৰতৰ যোগ নিৰীক্ষক সতীনাথ আৰু এই অনুস্থানৰ শেষৰ দিনাৰ কাৰ্যসূচীত সতীনাথে শংকৰদেৱৰ ওপৰত বিৰ্তকিত মন্তব্য আগবঢ়াইছিল৷
ৰঞ্জন শইকীয়া,দৰং