15
Jul
2017

নগাঁওঃ নগাঁও জিলাৰ বৰজহাৰ কমলাবাৰী সত্ৰত ৯ জুলাইৰ পৰা অনুষ্ঠিত হোৱা সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ ১৬ জুলাইত সামৰণি পৰিব।
জিলাখনৰ আগশাৰীৰ সংগীত বিদ্যালয় সমন্বয় সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাত নগাঁও জিলাৰ বিভিন্ন ঠাইৰ অৰ্দ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লয়৷ কৰ্মশালাত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰ, পল্লৱী খাটনিয়াৰ আদিকে ধৰি কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকে।
তৰুণ প্ৰজন্মৰ মাজত সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰেই বিগত কেইবছৰ পৰা গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে বিদ্যালয়খনে৷