
বঙাইগাঁওঃ নামনি অসমৰ শৈক্ষিক ফলাফল বেয়া৷ কিন্তু কিয় বেয়া? ইয়াৰ মূল কাৰণ বিচাৰি উলিয়াইছে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই৷ মন্ত্ৰী ব্ৰহ্মৰ মতে খোৱা খাদ্যই হৈছে কাল৷ কাৰণ নামনি অসমৰ বিশেষকৈ বঙাইগাঁও, চিৰাং, কোকৰাঝাৰৰ ৰাজবংশী আৰু বড়ো মানুহখিনিয়ে গাহৰিৰ মাংস বেছিকৈ খায়৷ ইয়াৰ বাবে ধৈৰ্যও কম৷ আজি বঙাইগাঁৱত অনুষ্ঠিত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে এইদৰে ব্যক্ত কৰে মনৰ কথা৷
মন্ত্ৰী ব্ৰহ্মই কয়, "মেট্ৰিকত নামনি অসমৰ ৰিজাল্ট বেয়া৷ কিন্তু বৰপেটা জিলাৰ ভাল হয়৷ মই তাকেই ভাবিছো বৰপেটাৰ মানুহে খায় কি? পিছত জানিলো বিশেষ একো নাখায়৷ কিন্তু আমাৰ বঙাইগাঁও, কোকৰাঝাৰৰ ৰাজবংশী, বড়ো মানুহখিনিয়ে গাহৰিৰ মাংসটো বেছি খায়৷ সেইকাৰণে ধৈৰ্যও নাই৷ ৰিজাল্টো ভাল নহয়৷’
গাহৰিৰ পৰিৱৰ্তে মোৱা মাছ খোৱাই উত্তম বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, ’বঙালীবিলাকে মোৱা মাছ খায়৷ সেইকাৰণে সকলো ক্ষেত্ৰতে আগবাঢ়িব পাৰিছে৷ আমি খাও ৰৌ মাছ৷ সেইকাৰণে মই কও গাহৰি খোৱা কমাই দিয়ক৷ পাৰিলে বাদেই দিয়ক৷ মোৱা মাছ খাওক৷ ব্ৰেইনী হ’ব৷’
ভাষণৰ মাজতে মন্ত্ৰীগৰাকীয়ে কোৱা কথাকেইষাৰে উপস্থিতসকলক হাস্যৰসৰ সোৱাদো দিয়ে৷ উল্লেখযোগ্য যে ২০১৭ বৰ্ষৰ হাইস্কুল, হাইমাদ্ৰাছা, পালি আৰু ছিনিয়ৰ মাদ্ৰাছাত ৭৫ শতাংশ বা অধিক নম্বৰ লাভ কৰা বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বাক্সা আৰু বৰপেটা জিলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ উক্ত সভাতে মন্ত্ৰীগৰাকী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷
মন্ত্ৰীগৰাকীয়ে মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰটো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক সজাগ হ’বলৈ আহ্বান জনায়। মোবাইলৰ বাবেই কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজত আত্মহত্যাৰ প্ৰবণতা বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা-দীক্ষা লৈ বিদেশৰ পৰিৱৰ্তে নিজৰ দেশতেই নিযুক্ত হৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷ সভাত বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, এমট্ৰণৰ সঞ্চালক এম কে যাদৱো উপস্থিত থাকে৷ বক্তাসকলে আনন্দৰাম বৰুৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অসমীয়া বিষয়া তথা বঙাইগাঁৱৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰো শ’লাগ লয়৷