
ছিপাঝাৰঃ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্বাচনী সভাৰ বাবেই আজি ১২ বজাতেই ছুটি দিলে দৰঙৰ ছিপাঝাৰ সমষ্টিৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় । আজি এই দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰতেই অনুস্থিত হোৱা সভাখনত ৰাতি পূৱা ৮ বজাৰে পৰা উচ্চ প্ৰাবল্যৰ মাইক বজাই নিৰ্বাচনী প্ৰচাৰ কৰাৰ কাৰণেই ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাব নোৱাৰি বিদ্যালয়খন ছুটি দিৱ লগীয়া হয় ।
শিক্ষাৰ সংস্কাৰৰ কথা কোৱা বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰচাৰৰ বাৱেই বিদ্যালয় ছুটি দিয়া কাৰ্য্যক লৈ ক্ষোভিত হৈ পৰিছে আছুকে ধৰি বিভিন্ন সচেতন ৰাইজে তথা অভিভাৱকে ।
ৰঞ্জন শইকীয়া,মঙ্গলদৈ।