
কামপুৰঃ আহি আছে গুণোৎসৱ৷ পিছে ৰাজ্যৰ সৰ্বত্ৰে এতিয়াও বানৰ হুংকাৰ৷ এফালে চৰকাৰী বিদ্যালয় সমূহত শৈক্ষিক মান উন্নত কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে পাতি আছে গুণোৎসৱ, আৰু আনফালে এতিয়াও ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বিদ্যালয় বুৰ গৈ আছে পানীৰ তলত৷ যাৰ ফলত বিদ্যালয় সমূহে গুণোৎসৱৰ বাবে প্ৰস্তুতি চলাব পৰা নাই৷
বিদ্যালয়ৰ ভিতৰত পানী হোৱা বাবে বন্ধ ৰাখিব লগা হৈছে পাঠদান প্ৰক্ৰিয়া৷ কেনেকৈ পতা হ’ব গুণোৎসৱ৷ তাকে লৈ এতিয়া বিদ্যালয়ৰ শিক্ষকৰ হাহাকাৰ পৰিস্থিতি৷ এফালে বানৰ তাণ্ডৱ আনফালে শিক্ষা বিভাগৰ গুণোৎসৱৰ প্ৰস্তুতি। আৰু কেইটামান দিনৰ পাছতেই নগাঁও জিলাৰ বিদ্যালয় সমূহত অনুষ্ঠিত হ’ব গুণোৎসৱ।
ৰহা সমষ্টিৰ অন্তৰ্গত নেলিপাৰ, চিউগুৰি অঞ্চলৰ বহু বিদ্যালয় এতিয়াও বানৰ কবলত। বৰ্তমানো বিদ্যালয় চৌহদত এবুকু আৰু ভিতৰত একাঠু পৰ্যন্ত পানী। অঞ্চলটো বৰপানী নদীৰ বাঢ়নি পানীয়ে প্লাৱিত কৰি ৰখা ১০ দিন পাৰ হোৱা পাছতো এবুকু পৰ্যন্ত পানী বিদ্যালয় চৌহদত। কিছু পৰিমাণে পানী শুকাইছিল যদিও ধাৰাবাহিক ভাৱে হোৱা বৰষুণত বৃদ্ধি পাইছে বৰপানী নদীৰ জলস্তৰ। যাৰ বাবে পুনৰ বানে তচ নচ কৰিছে অঞ্চলটো। গুণোৎসৱৰ প্ৰস্তুতি চলাব নোৱাৰি শৈক্ষিক মান নিম্ন হোৱাৰ ভয়ত শিক্ষকসকল উদ্বিগ্ন হৈ পৰিছে৷