লালুকঃ লখিমপুৰ জিলাৰ লালুকত এখন ব্যক্তিগতখণ্ডৰ জাতীয় বিদ্যালয় প্ৰশাসনে উচ্ছেদ কৰাক লৈ বিহপুৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লালুকত অৱস্থিত এই জাতীয় বিদ্যালয়খন চৰকাৰী ভূমিত থকাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে প্ৰশাসনে উচ্ছেদৰ বাবে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছিল ৷ পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই বিহপুৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলিত শিক্ষাবৰ্ষটোত বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ আহ্বান জনায় এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াই স্মাৰক পত্ৰখন গ্ৰহণ কৰাৰ পৰা বিৰত থাকে ৷

ফলত আজি শিক্ষানুষ্ঠানখনৰ শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে ৰাজহ চক্ৰ কায্যালয়ত উপস্থিত হৈ বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ দাবী জনায় ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অভিভাৱক সকলে ৰাজ্য চৰকাৰখনে একাংশ বণিয়াক ব্যৱসায় বাণিজ্যৰ লগতে শিক্ষানুষ্ঠান স্থাপনৰ বাবে চৰকাৰী ভূমি আৱন্টন দিছে বুলি ক্ষোভ উজাৰি এনেদৰে জাতীয় বিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানক উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰে ৷

চৰকাৰৰ শিক্ষা বিভাগে আৰ এছ এছৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহক সুৰক্ষা দিয়াৰ বিপৰীতে অসমীয়া মাধ্যমৰ বিদ্যালয় উচ্ছেদৰ ব্যৱস্থা কৰাত ছাত্ৰ মুক্তিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ সংগঠনটোৱে ছয় মাহৰ বাবে বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ প্ৰশাসনক আহ্বান জনায়৷ ইয়াৰ অন্যথা তীব্ৰ আন্দোলনৰ ভাবুকি দিয়ে ছাত্ৰ সংগঠনটোৱে ৷