
গহপুৰঃ চৰকাৰী শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ হেতু এফালে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে গুণোৎসৱ৷ আনফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানে উদঙাইছে শিক্ষা খণ্ডৰ পয়া লগা স্বৰূপ৷ চৰকাৰী শিক্ষা খণ্ডৰ চৰম দুৰৱস্থা প্ৰকাশ কৰা এখন বিদ্যালয় হৈছে গহপুৰৰ ৰাওনামুখ অঞ্চলৰ নামনি মিৰি মজলীয়া বিদ্যালয়৷
৪০০ৰো অধিক শিক্ষাৰ্থীয়ে শিক্ষা লাভৰ বাবে অহা এই শিক্ষানুষ্ঠানখন এতিয়াও অতি শোচনীয় অৱস্থাত আছে৷ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ উন্নতি সাধন হোৱা বুলি যিমান দম্ভালি নামাৰিলেও এই বিদ্যালয়খনেই তেওঁৰ মুখত কলা ছাই সানি দিবলৈ যথেষ্ট৷
নামনি মিৰি মজলীয়া বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই পৰ্যাপ্ত ডেস্ক-বেঞ্চ৷ যাৰ ফলত এতিয়াও ছাত্ৰ-ছাত্ৰীসকলে মাটিত বস্তা পাৰি শিক্ষা লাভ কৰিব লগীয়া পৰিস্থিতি হৈ আছে৷
আনহাতে কিছুবছৰ আগতেই বিদ্যালয়খন পকীকৰণৰ কাম আৰম্ভ হোৱাৰ পাছতো আজি পৰ্যন্ত সেয়া সম্পূৰ্ণ হৈ নুঠাত এখন বাঁহৰ চালিৰ তলতে মাটিত বহি শিক্ষা লাভ কৰিব লগা হৈছে প্ৰায় ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷
ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা শিক্ষা বিভাগৰ এনে কাণ্ডক লৈ ক্ৰোধাম্বিত হৈ পৰিছে স্থানীয় ৰাইজ৷ চৰম দুৰৱস্থাৰ সন্মুখীন হোৱা বিদ্যালয়খনৰ নিৰ্মাণৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সু-নিশ্চিত কৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে৷