
বাহাকাবাৰীঃ সততে শিক্ষা বিভাগৰ উন্নয়নৰ কথাৰে দম্ভালি মৰা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ প্ৰকৃততে উন্নয়ন হৈছে জানো? কেনেদৰে চলিছে গ্ৰাম্যঞ্চালৰ শিক্ষা ব্যৱস্থা। গুণোৎসৱ সমাগত যদিও নগাঁও জিলাৰ বহু গ্ৰামাঞ্চলৰ বিদ্যালয়ত আজিও নাই আন্তঃগাঁথনি উন্নয়ন৷ নাই পৰ্যাপ্ত শিক্ষক-শিক্ষয়িত্ৰী।
জিলাখনৰ কঠিয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কুঢ়িমাৰী মজলীয়া বিদ্যলয়ৰ দুৰৱস্থাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফোপোঁলা ছবিখন দাঙি ধৰিছে।
উল্লেখ্য যে, ৰাজ্যত বৰ্তমান গুণোৎসৱৰ ব্যাপক প্ৰস্তুতি। কেইদিনৰ মান পাছতেই বিদ্যালয় সমূহত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। বিদ্যালয়ৰ গুণগত মানদণ্ড নিৰূপণ কৰিব যোৱাৰ সময়তে নগাঁও জিলাৰ ৰহা সমষ্টিৰ কুঢ়িমাৰী মজলিয়া বিদ্যালয়ত শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব লগা হৈছে। বিদ্যালয়খনত নাই আন্তঃগাঁঠনি উন্নয়ন। ভাগি জহি খহি গৈছে বিদ্যালয় গৃহসমূহ। চৌহদত নাই কোনো বেৰৰ ব্যৱস্থা।
অতি ভিতৰুৱা অঞ্চলৰ এই বিদ্যালয়খনলৈ নাহে শিক্ষক-শিক্ষয়িত্ৰী। কাৰণ, ভিতৰুৱা অঞ্চলটোৰ দুৰ্গম যাতায়াত ব্যৱস্থা। যি কেইজন শিক্ষক আছিল তেওঁলোককো অন্য বিদ্যালয়লৈ লৈ যোৱা হ'ল চৰকাৰী নিৰ্দেশত। যাৰ কাৰণে বিদ্যালয় খনৰ ৮টা শ্ৰেণী চলি আছে তিনিজন শিক্ষকেৰে৷ বিদ্যালয়খনত অভাৱ হিন্দী আৰু বিজ্ঞানৰ বিষয় শিক্ষকৰ৷
বিদ্যালয় খনলৈ শিক্ষক নিযুক্তিৰ বাবে জিলা শিক্ষা বিষয়া গৰাকীক কেইবাবাৰো পৰিচালনা সমিতিয়ে দাবী জনাইছে যদিও কোনো সুফল নাপালে। গুণোৎসৱ পাতিব যোৱাৰ আগত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নতি কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।