বোকাজানঃ এফালে ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহক চৰকাৰী পুঁজি প্ৰদান আৰু আনফালে চৰকাৰী বিদ্যালয়সমূহত গুণোৎসৱ পালন৷ এয়াই ৰাজ্য চৰকাৰৰ বৰ্তমানৰ শিক্ষা বিভাগ৷ চৰকাৰী বিদ্যালয়সমূহত শৈক্ষিক মানদণ্ড উন্নীতকৰণন বাবে পালন কৰা গুণোৎসৱ বিদ্যালয় সমূহৰ বাবে ভেকোভাওনাহে হৈ পৰা পৰিলক্ষিত হৈছে৷

চৰকাৰৰ শিক্ষাবিভাগে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে বিদ্যালয়সমূহত গুণোৎসৱ নামেৰে এক অভিলাষী আচনিৰ জৰিয়তে তিনিটা পৰ্যায়ত এই আচনিৰ ৰূপায়নৰ ব্যৱস্থা কৰিছিল৷

প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী সমাপন হোৱাৰ পাছত এতিয়া দ্বিতীয় পৰ্যায়ত পূব কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক গুণোৎসৱৰ প্ৰাকমূহুৰ্তত জিলাখনৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি থকা কৰ্তব্য, দায়িত্ব, আৰু দায়বদ্ধতাৰ কথা যেন এতিয়াহে মনত পৰিল৷

বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮:৪৫ ৰ পৰা দুপৰীয়া ১:৩০ বজালৈ যদিও গুণোৎসৱত বিদ্যালয়সমূহে ভাল ফলাফল দেখুৱাৰ স্বাৰ্থত বিয়লি ৩ বজালৈকে এতিয়া জিলাখনৰ বহু চৰকাৰী বিদ্যালয়ত অতিৰিক্ত সময় পাঠদান কাৰ্য চলোৱা পৰিলক্ষিত হৈছে৷

কেৱল অতিৰিক্ত সময়েই নহয়, বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক-শিক্ষয়ত্ৰীসকলে সাপ্তাহিক বন্ধৰ দিনা অৰ্থাৎ দেওবাৰেও বিদ্যালয় খোলা ৰাখি ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ত উপস্থিত থাকিবলৈ বাধ্য কৰাইছে৷

আজি তেনে এক আজব ঘটনাই ঘটিল বোকাজান নগৰৰ মাজমজিয়াত অৱস্থিত অমৰাজান চৰকাৰী প্ৰথমিক বিদ্যালয়ত৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা শিক্ষক-শিক্ষয়ত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ নামত দেওবাৰেও বিদ্যালয়ত উপস্থিত থাকিবলৈ বাধ্য কৰাই যদিও প্ৰধান শিক্ষকৰ লগতে সহকাৰী শিক্ষক-শিক্ষয়ত্ৰীসকলে কাৰ্যালয় কক্ষত ঘূৰণীয়া মেজ মেলত ব্যস্ত থকাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয় চৌহদৰ ভিতৰত খেলা-ধূলা কৰাহে পৰিলক্ষিত হয়৷

২৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত আজি ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত থকা বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যদিও একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক-অভিভাৱিকাই অভিযোগ কৰি কয় যে সম্পূৰ্ণ বছৰটোত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে পাঠদান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মান উন্নত কৰিব নোৱাৰে, তেন্তে এই এটা মাহতে ছাত্ৰ-ছাত্ৰীৰ কি শিক্ষাৰ মান উন্নত কৰিব?

এয়া যে সমাগত গুণোৎসৱৰ পৰীক্ষাত কেৱল উত্তীৰ্ণ হোৱাৰ বাবেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা শিক্ষক-শিক্ষয়ত্ৰীসকলে কৰা কছৰৎহে মাথো৷

সমাগত গুণোৎসৱত ভাল ফলাফল দেখুৱাৰ স্বাৰ্থতে বোকাজান নগৰৰ অমৰাজান চৰকাৰী প্ৰাথমিক বিদ্যালয়ে সপ্তাহটোৰ ছটাদিন অতিৰিক্তভাবে পাঠদান কৰাৰ উপৰি চৰকাৰী বন্ধ হিচাপে ঘোষণা থকা দেওবাৰতো বিদ্যালয় খোলা ৰাখি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা কাৰ্যই বোকাজান নগৰত এতিয়া সৰৱ চৰ্চা লাভ কৰাৰ লগতে প্ৰধান শিক্ষক আৰু সহঃ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ নম্বৰকেন্দ্ৰীক শিক্ষাৰ মানসিকতাৰ ছবিখনকে প্ৰতিপন্ন কৰিছে বুলি সচেতন মহলে মতপ্ৰকাশ কৰিছে ৷