
নগাঁওঃ দেই পুৰি নিয়া উৎকট গৰমে ব্যাঘাত জন্মাইছে স্বাভাবিক জীৱন যাত্ৰাত৷ সকলোৱে বাট চাই ৰৈছে এচাটি গা-জুৰ পৰা শীতল বতাহৰ আশাত৷ কিন্তু তেনে আশাক বাস্তৱায়িত কৰিবলৈ অহা নাই এচাটি বতাহ৷
ক’ল্ড ড্ৰিংকচৰ লগতে ডাব নাৰিকলৰ পানী নতুবা কুঁহিয়াৰ ৰসেও শাত পেলাব পৰা নাই দেহা৷ দিনটোত তিনি-চাৰিবাৰ গা ধুইও পোৱা নাই শান্তি৷ ইপিনে, ভূতৰ ওপৰত দানহ পৰাদি উৎকট গৰমৰ মাজত বিদ্যুতৰ সঘন কৰ্তনে স্তব্ধ কৰি তুলিছে স্বাভাৱিক জনজীৱন৷
বৰ্তমান নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰত ৰাতিৰ কথাটো বাদেই, দিনৰ ভাগতো ৮-১০ বাৰকৈ লোডশ্বেডিং হোৱাটো সাধাৰণ ঘটনা হৈ পৰিছে৷ গ্ৰামাঞ্চলবোৰত বিদ্যুৎ সেৱা এইকেইদিন ইমানেই শোচনীয় হৈ পৰিছে যে ২৪ ঘন্টাৰ ভিতৰত কেৱল মাত্ৰ ১০--১২ ঘন্টাহে কোনোমতে গ্ৰাহকসকলে সেৱা লাভ কৰি আহিছে৷
ফলস্বৰূপে সম্প্ৰতি অভাৱনীয়ভাৱে উদ্ভৱ হোৱা প্ৰচণ্ড গৰমত বিদ্যুতৰ অভাৱত গ্ৰাহকসকলে জীয়াতু ভুগিছে৷ ইফালে, নিতৌ মানুহেৰে ভৰি থকা জিলাখনৰ বজাৰ-হাট, বাট-পথ, ৰাজহুৱা স্থান কিম্বা যাত্ৰীবাহী যান-বাহনত এইকেইদিন মানুহৰ সমাগম দিনৰ ভাগত একেবাৰে সেৰেঙা হৈ পৰা দেখা গৈছে৷
অসহনীয় উষ্ণতাত ত্ৰাহি মধুসূদন সোঁৱৰি অলপমান ঠাণ্ডা পৰিৱেশ বিচাৰি হামৰাও কাঢ়িছে সকলোয়ে৷ আনকি সদায় বিভিন্ন কামত চহৰত ভিৰ কৰা গঞা ৰাইজে চহৰলৈ ওলাই নাহি গাঁৱতে যেন বিচাৰি ফুৰিছে অকণ ঠাণ্ডা পৰিৱেশ বা এচাটি শীতল বতাহ৷
হয়তো জীৱ শ্ৰেষ্ঠ মানুহে অবাধে চলোৱা প্ৰকৃতি ধ্বংস অভিযানৰ ফলতেই অহা নাই এচাটি মলয়া বতাহ কিম্বা এজাক বৰষুণ ৷ কাজেই, অসহ্য গৰমত ছটফটাই থকাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈ পৰিছে সকলোৰে।