
গুৱাহাটীঃ ৰাজ্যৰ এখন চাহ বাগিচাৰ শ শ শ্ৰমিকৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ গোচৰ সৰু সুৰা নহয়৷ খাটি খোৱা শ্ৰমিকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ গোচৰ ৰুজু কৰা হৈছে৷ মালিকৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শ্ৰমিকসকলে গোচৰৰ সন্মুখীন হ’ব লগা হ’ল৷
শ্ৰমিকসকলে ক'বলৈ বাধ্য হৈছে, ন্যায় দিয়াৰ পৰিৱৰ্তে আমাক দেশদ্ৰোহী সজাব বিছাৰিছে প্ৰশাসনে৷ আমাক ভাত লাগে, আমাক ৰুটি লাগে, আমাক কাপোৰ লাগে বুলি স্বাধীনতা দিৱসত প্ৰতিবাদ কৰা শ্ৰমিক সকলৰ কথা আজিলৈ কোনেও নুশুনিলে৷ কিন্তু তাৰ বিপৰীতে গোচৰ ৰুজু কৰি দমন কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে৷
খাটি খোৱা, মেহনতি শ্ৰমিকক মালিকে কৰা বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সহায় ভিক্ষা মাগিছিল চৰকাৰ তথা প্ৰশাসনৰ পৰা৷ চাহ শ্ৰমিকসকলে কাম কৰি থকা চাহ বাগিচাৰ মালিকে হঠাৎ বাগিছাখন বন্ধ কৰি দিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ শ্ৰমিকসকলৰ সতি-সন্তান, পৰিয়ালৰ ভৱিষ্যতৰ কথা নাভাবি মালিকে নিজ ইচ্ছামতে বন্ধ কৰে বাগিচাখন৷
দেহৰ ঘাম মাটিত পেলাই শ্ৰম কৰি দুবেলা দুমুঠি পেটৰ ভাত যোগাৰ কৰা বৰগাঁও(নিউ কেটলা)চাহ বাগিচাৰ শ্ৰমিকসকলে দিনৰ পাছত দিন ধৰি ন্যায়ৰ বাবে সংগ্ৰাম কৰিছে এমুঠি ভাতৰ বাবে৷ ২০ জুলাইৰ পৰা তেওঁলোকে কাম কৰা বাগিচাখন লক আউট কৰি ৰাখে বাগিচা কৰ্তৃপক্ষই৷ বাগিছাৰ মালিক ৰাজীৱ প্ৰিন্সাই শ্ৰমিকসকলে এম্বুলেঞ্চ, নাৰ্চ আৰু শুকান খৰি বিচৰাৰ অপৰাধত বাগিচাখন লক আউট কৰি দিয়ে৷
বাগিচা বন্ধ কৰাৰ পাছৰে পৰা লঘোণে-ভোকে সময় পাৰ কৰিছে৷ সন্তানে লঘোণত কন্দা কটা কৰিছে যদিও চাওতা কোনো নাই৷ শ্ৰমিকক ন্যায় দিবলৈ নাই প্ৰশাসন, নাই চৰকাৰ৷ ৰ'দ, বৰষুণ একাকাৰ কৰি শ্ৰম কৰা লোকসকলৰ ন্যায়ৰ হকে যুজ কোনে দিব সেইটো আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন৷ প্ৰশাসনৰ মূৰব্বী সকলে শ্ৰমিকৰ সমস্যাক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হয়৷ তেওঁলোকক আন একো নালাগে৷ ভাত, ৰুটি আৰু কাপোৰ হ'লেই পৃথিৱীৰ সকলো পােৱা যেন অনুভৱ কৰে তেওঁলোকে৷
তেওঁলোকে দালানৰ সপোন নেদেখে৷ বিলাসী ঘৰ, গাড়ী তেওঁলোকৰ সপোনৰ অগোচৰ৷ দেহৰ ঘাম পেলাই অৰ্থ উপাৰ্জন কৰা মানুহ তেওঁলোক৷ কেৱল অকণমান অৰ্থ উপাৰ্জন কৰাৰ সুবিধা লাগে তেওঁলোকক৷ সমগ্ৰ দেশে যেতিয়া স্বাধীনতা দিৱসৰ ৰঙত বিভোৰ হৈ আছিল, উলহ-মালহেৰে ৭১ সংখ্যক স্বাধীনতা দিৱস পালন কৰি আছিল তেতিয়া তেওঁলোক অৰ্ধ উলংগ হৈ আছিল তেওলোক৷ কণ কণ শিশুৱে সন্মুখত কাহি-বাটি লৈ বহি আছিল৷ মুখবোৰ শুকাই গৈছিল। হুমুনীয়া কাঢ়ি আছিল৷ তেওঁলোকৰ মঙহবোৰ হাড়ত লাগি আছিল৷ তেওঁলোকে ভোকত লাল-কাল হৈ আছিল৷
স্বাধীনতা দিৱস, স্বাধীনতাৰ অৰ্থ তেওঁলোকে নাজানে৷ স্বাধীনতা চোবাই খাই নে সোণৰ আলমাৰীত থৈ দিয়ে তাকো নাজানে তেওঁলোকে৷ তেওঁলোকে জানে কাম কৰিব লাগে আৰু খাব লাগে৷ তেওঁলোকৰ মাজৰ দুই-এজনে স্বাধীনতাৰ অৰ্থ জানে বাবে প্ৰশ্ন কৰিছিল সঁচাই জানো আমি স্বাধীন? স্বাধীনতা দিৱসৰ দিনা বিহালীৰ বৰগাও চাহ বাগিচাৰ শ্ৰমিকে ন্যায্য প্ৰাপ্যৰ দাবীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
শ্ৰমিকসকলে বাগিচা খনৰ মালিকৰ প্ৰতাৰণাৰ পৰা মুক্তিৰ দাবীত স্বাধীনতা দিৱসৰ দিনা হাতে-হাতে কাহী-বাটিলৈ অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কৰি পতাকাৰ তলত শ্ৰমিকসকলে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰমিকসকলৰ গণতান্ত্ৰিক আন্দোলনৰ বিৰুদ্ধে ইতিমধ্যে বিহালী আৰক্ষীয়ে প্ৰিভেচন অফ ইনছাল্ট টু অনাৰ এক্ট-২ ৰ অধীনত গোচৰ ৰুজু কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীৰ ভাষা উপলব্ধি নকৰি গোচৰ ৰুজু কৰা বিষয়টোৱে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত।
উল্লেখযোগ্য যে বিগত ২০ জুলাইৰ পৰা আজি পৰ্যন্ত বাগিছাখনৰ মালিক পক্ষই প্ৰায় ৭০০ শ্ৰমিকক পণবন্দী কৰি কৌশলগতভাৱে আঁতৰি থাকি বাগিছাখন লক আউট কৰে। ফলত বাগিছাৰ শ্ৰমিকসকলক খাদ্য সংকটকে আদি কৰি নানা ধৰণৰ সমস্যাই আগুৰি ধৰিছে।
যি সময়ত বাগিচাখনৰ লক আউট প্ৰত্যাহাৰৰ দাবীত বাগিচাৰ শ্ৰমিক, আদিবাসী ছাত্ৰ সন্থা, বিপ্লৱী যুৱ সন্থা, আছুকে ধৰি বিভিন্ন দল-সংগঠনে ৰাজপথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি প্ৰশাসনক দাবী জনাই আহিছে যদিও প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হয়৷ বাগিচাৰ মালিক পক্ষক লক আউট প্ৰত্যাহাৰ কৰিবলৈ সন্মত কৰিব পৰা নাই প্ৰশাসনে। শ্ৰমিকসকলে ন্যায় পাবনে এয়াই লক্ষণীয় হ’ব৷
বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিপিআই (এমৰ) ৰাজ্যিক সদস্য অনন্ত হাজৰিকাই। তেওঁ ৰাজ্য চৰকাৰে চাহ শ্ৰমিকক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে বুলি কয়৷ শ্ৰমিকক আইন উলংঘা কৰাৰ লগতে প্ৰশাসনে বাগানৰ মালিকৰ পক্ষ লৈ ভোকাতুৰ শ্ৰমিকসকলক দেশদ্ৰোহী সজোৱাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে হাজৰিকাই৷ মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালী সমষ্টিত ২১ খন চাহ বাগিছা আছে যদিও মন্ত্ৰীগৰাকীয়ে শ্ৰমিকৰ হকে মাত মাতিবৰ সাহস নাই বুলি অভিযোগ উত্থাপন কৰে হাজৰিকাই৷ আনহাতে শ্ৰমিকসকলক ন্যায় প্ৰদানৰ দাবীত প্ৰশাসনৰ বিৰুদ্ধে কাইলৈ গুৱাহাটী প্ৰেছ ক্লাৱত এখন দল-সংগঠনৰ নাগৰিক সভা অনুষ্ঠিত কৰিব কেইবাটাও দল-সংগঠনে৷
♦ additional inputs from NNO Bihali ♦