
মোৰাঝাৰঃ হোজাই জিলা কৃষি বিভাগৰ উদ্যোগত শুকুৰবাৰে কপাহবাৰীত ডিবৰু নৈৰ বাঢ়নী পানীয়ে চলোৱা তাণ্ডৱত ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত বিনামূলীয়াকৈ চৰকাৰী বীজ বিতৰণ কৰা হয়।
কপাহবাৰী বজাৰত অনুষ্ঠিত বীজ বিতৰণী সভাৰ সভাপতিত্ব কৰে স্থানীয় উদীয়মান কৃষক ইব্ৰাহীম আলীয়ে । সভাত হোজাই জিলা কৃষি বিষয়া নিতাই চন্দ্ৰ দাস, ডবকা ৰাজহ চক্ৰ বিষয়া অনূসিয়া শৰ্মা ,চৌধৰী বজাৰ চক্ৰ কৃষি উন্নয়ন বিষয়া ৰাজদীপ কাথাৰ, কৃষি সম্প্ৰসাৰণ সহায়ক পনিদ্ৰ নাথ উপস্থিত থাকি প্ৰায় তিনি শতাধিক বানত ক্ষতিগ্ৰস্ত কৃষকক বীজ প্ৰদান কৰে।
জিলা কৃষি বিষয়া দাসে কৃষকৰ বাবে চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনি আৰু সা-সুবিধাৰ বিষয়ে আলোকপাত কৰে। সভাত ৰাজহ চক্ৰ বিষয়াইয়ো কৃষক ৰাইজৰ উদ্দেশি ভাষণ আগবঢ়ায়।
বীজ বিতৰণ অনুষ্ঠানত প্ৰতি কৃষকক গড় প্ৰায় তিনি কেজি কৈ উন্নত মানৰ হাইব্ৰিড পড্ডি বীজ চি আৰ এইচ আৰ পাঁচ আৰু নবীন বীজ বিতৰণ কৰা হয়।