গুৱাহাটীঃ কৃষক নেতা অখিল গগৈক আটকৰ প্ৰতিবাদত আজিও ৰাজ্য উত্তাল হৈ আছে৷ ডিব্ৰুগড় আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অখিলক মুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও সোমবাৰে গৃহ বিভাগে অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দিয়ে৷

এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ লগতে ৰাজ্যৰ কেবাটাও জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে অখিলক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে এইবাৰ গৰজি উঠিল নাগৰিক সমাজ৷ মঙলবাৰে এক বিবৃতি যোগে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কৃষক নেতা অখিল গগৈক আটক কৰা কাৰ্যক নাগৰিক সমাজে তীব্ৰ গৰিহণা দিয়ে৷ অখিলক পুনৰ আটক কৰা কাৰ্যক অসম চৰকাৰৰ ফেচিষ্ট মানসিকতা বুলি কয় নাগৰিক সমাজে৷

গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰাৰ বাবে এনে ধৰণৰ কূট-কৌশলৰ ৰচনা কৰিছে চৰকাৰে৷ চৰকাৰৰ বিৰুদ্ধে ইয়াৰ দীৰ্ঘদিনীয়া ইতিহাস থকা বুলি কয় কৈ ৯০ৰ দশকত জনসাধাৰণৰ ওপৰত জাপি দিয়া ৰাষ্ট্ৰীয় সন্ত্ৰাসৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন গঢ়ি তোলা গণতান্ত্ৰিক শক্তিক ৰাষ্ট্ৰদ্ৰোহৰ ভূৱা অভিযোগ জাপি দিছিল বুলি কয় নাগৰিক সমাজৰ প্ৰতিনিধিসকলে৷

নাগিক সমাজে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় দুৰ্ভাগ্যৰ কথা এই যে সেই সময়ত প্ৰবল আন্দোলন গঢ়ি তোলা সৰ্বানন্দ সোণোৱালে আজি অসমৰ মুখ্যমন্ত্ৰী৷ আজি তেওঁৰ নেতৃত্বতে এনে ঘটনাৰ পুনৰাবৃত্তিয়ে গণতান্ত্ৰিক শক্তি সমূহক আকৌ এবাৰ বিচলিত কৰিছে৷ সোণোৱাল চৰকাৰৰ নানা সাম্প্ৰদায়িক কুচকাৱাজৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা অখিল গগৈক একেটা বছৰতে দুবাৰকৈ গ্ৰেপ্তাৰ কৰি গণতান্ত্ৰিক পৰম্পৰাক ভৰিৰে মোহৰি পেলোৱা হ'ল বুলিও তেওঁলোকে মন্তব্য কৰে৷

চৰকাৰৰ ফেচিষ্ট কাৰ্যকলাপে অসমৰ জনগনক আকৌ এবাৰ ৰাষ্ট্ৰ সন্ত্ৰাসৰ সেই অভিশপ্ত দিনবোৰলৈ উভতাই নিব ধৰিছে বুলি কয় বিবৃতিযোগে নাগৰিক সমাজে৷ জাতীয় জীৱনৰ এনে সন্ধিক্ষণত অসমৰসমূহ ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ লগতে অখিল গগৈক মুকলি কৰি দিয়াৰ দাবী জনাই নাগৰিক সমিতিয়ে৷ নাগৰিক সমিতিৰ এই বিবৃতিত স্বাক্ষৰ কৰিছে ড০ হীৰেন গোঁহাই, জ্যেষ্ঠ সাংবাদিক-বুদ্ধিজীৱী হাইদৰ হুছেইন, অজিত কুমাৰ ভূঞা, নিৰুপমা বৰগোহাঞি, জ্যোতিষ শিকদাৰ, সমীৰ তাঁতী, মনজিৎ মহন্ত, উদয়াদিত্য ভৰালী, অৰূপ বৰবৰা, ডা০ নৱনীল বৰুৱা, প্ৰশান্ত ৰাজগুৰু সহিতে প্ৰায় ২০গৰাকী বিশিষ্ট নাগৰিকে।